তামুলপুৰ,19 জুলাই: বাক্সা জিলাৰ গোৰেশ্বৰত এগৰাকী বিপিএফ দলৰ নেতাৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি । তামুলপুৰ মহকুমাৰ অন্তৰ্গত সোণমহৰি চিন্তাপাৰৰ বাসিন্দা তথা যুৱ বিপিএফৰ কেন্দ্ৰীয় সম্পাদক শৰৎ দাসৰ দেহত ধৰা পৰে ভাইৰাছবিধৰ উপস্থিতি ৷
কিছুদিনৰ পৰা সাধাৰণ জ্বৰত ভূগি থকাত স্বাস্থ্য পৰীক্ষাৰ বাবে বিগত 13 জুলাইত নেতাগৰাকী গৈছিল সোণমহৰি স্বাস্থ্য কেন্দ্ৰলৈ ৷ দলটোৰ প্ৰথমগৰাকী প্ৰতিনিধি হিচাপে Covid 19 ত আক্ৰান্ত হোৱা দাসে সম্প্ৰতি ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনাইছে ৷
লগতে চাওকঃ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত ৪৮ টাকৈ গৰুসহ জব্দ দুখন ট্ৰাক