ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মা শিয়াল আৰু বিজেপি শিয়ালৰ দলঃ হাগ্ৰামা মহিলাৰী - নাগ্ৰীজুলি পৰিষদীয় সমষ্টি

হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ হাগ্ৰামা মহিলাৰীৰ ৷ হিমন্ত বিশ্ব শৰ্মাক শিয়াল আখ্যা নেতা গৰাকীৰ ৷

bpf-leader-hagrama-mohilary-reaction-on-himanta-biswa-sarma
হিমন্ত বিশ্ব শৰ্মা শিয়াল আৰু বিজেপি শিয়ালৰ দলঃ হাগ্ৰামা মহিলাৰী
author img

By

Published : Nov 14, 2020, 1:07 PM IST

বাক্সা, 14 নৱেম্বৰ : বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দল সমূহৰ মাজত অব্যাহত আছে বোকা ছটিওৱা ৰাজনীতি ৷ শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীক মেকুৰী বুলি কটাক্ষ কৰাৰ পিচত এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ যুক্তিক কটাক্ষ কৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷

হাগ্ৰামা মহিলাৰীৰ মন্তব্য

হাগ্ৰামা মহিলাৰীয়ে হিমন্ত বিশ্ব শৰ্মাক শিয়াল বুলি অভিহিত কৰাৰ লগতে বিজেপি শিয়ালৰ দল বুলিও মন্তব্য প্ৰদান কৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷ আনহাতে, তেওঁ পুনৰ কয় যে, হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পৰিকল্পনা কৰি আছে কিন্তু হিমন্তৰ মুখ্যমন্ত্ৰী হোৱাৰ ভাগ্য নাই ৷ যাৰবাবে মুখ্যমন্ত্ৰী হ'ব নোৱাৰি এইবাৰ বিটিচিত চীফ হোৱাৰ ইচ্ছা কৰিছে ৷

লগতে পঢ়ক : 50 শতাংশ বিদ্যুৎ মাচুল হ্ৰাস পাব ডিমা হাছাওত

ইফালে, সাংসদ বিশ্বজিৎ দৈমাৰী আৰু বিধায়ক ইমানুৱেল মুছাহাৰী বিপিএফৰ পৰা পদত্যাগ কৰা সন্দৰ্ভতো মন্তব্য প্ৰদান কৰি কয় যে, তেওঁলোকে বিপিএফ ত্যাগ কৰা নাই ৷ ভুল বাৰ্তাৰে ৰাইজক বিভ্ৰান্তি কৰা বুলি উল্লেখ কৰে বিপিএফ নেতা গৰাকীয়ে ৷

উল্লেখ্য যে, বিটিচিৰ নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰবীন বালা বিশ্বাস আৰু ফকৰিগ্ৰাম পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰাজু বৰ্মনক বিপিএফে সমৰ্থন কৰিছে বুলিও নেতা গৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক : বি টি চিত পৰিৱৰ্তন বিচাৰি একত্ৰিত 16 টা সংগঠন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.