ETV Bharat / state

বাক্সাত বিপিএফৰ যোগদান সমাৰোহ - বিটিচি নিৰ্বাচন

বাক্সাৰ 26 নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ খৈৰাণীত বুধবাৰে অনুষ্ঠিত কৰা হয় বিপিএফৰ যোগদান সমাৰোহ । অনুষ্ঠানত বিপিএফত যোগদান প্ৰায় দুই শতাধিক স্থানীয় লোক ৷

বিপিএফৰ যোগদান সমাৰোহ কাৰ্যসূচী
বিপিএফৰ যোগদান সমাৰোহ কাৰ্যসূচী
author img

By

Published : Aug 12, 2020, 5:35 PM IST

বাক্সা, 12 আগষ্ট: কৰ’ণা মহামাৰী বাবে বিটিচি নিৰ্বাচন অনিদিষ্ট কাললৈ স্থগিত হৈ থকাৰ সময়তে বিটিএডিৰ বিভিন্ন সমষ্টিত বৃদ্ধি পাইছে নিৰ্বাচনৰ তৎপৰতা । বুধবাৰে 26 নং দৰঙাজুলি পৰিষদীয় সমষ্টিত বিপিএফ দলৰ যোগদান শিবিৰ অনুষ্ঠিত কৰা হয় ।

এই সভাত 26 নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী বিজিৎ গৌৰা নাৰ্জাৰীয়ে কয় যে, হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অনুসৰি সমগ্ৰ বিটিএডি অঞ্চলতে শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । লগতে বৰ্তমান সময়ত বিভিন্ন দল সংগঠনে বিপিএফ দলক আঙুলি টোৱাই দুৰ্নীতি কৰা বুলি অভিযোগ উত্থাপন কৰিছে যদিও বিটিএডি অঞ্চলত প্ৰাৰ্থী সকল যোগ্যতাৰ ভিত্তিতহে নিযুক্তি লাভ কৰিছে ।

বাক্সাত বিপিএফৰ যোগদান সমাৰোহ

বুধবাৰৰ এই সভাখনৰ সভাপতিত্ব কৰে 2 নং পশ্চিম কুমাৰীকাটাৰ বিপিএফৰ নেতা কালিপদ মণ্ডলে । সভাত উপস্থিত থাকে তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশী, সমাজকৰ্মী ৰংজা খংগুৰ বসুমতাৰী লগতে দৰঙাজুলি ব্লক বিপিএফৰ বিভিন্ন নেতা কৰ্মী সকল । উল্লেখ্য যে, এই সভাতেই খৈৰাণী অঞ্চলৰ প্ৰায় দুই শতাধিক স্থানীয় লোকে যোগদান কৰে বিপিএফ দলত ।

লগতে চাওক-কমলা হেৰিছক উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত বিডেনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.