ETV Bharat / state

Hagrama slams Pramod Boro: অকলেই লোকসভা নিৰ্বাচনত যুঁজিব হাগ্ৰামা বাহিনীয়ে - লোকসভা নিৰ্বাচন

লোকসভা নিৰ্বাচনত কাৰো সৈতে মিত্ৰতা কৰাৰ ইচ্ছা নাই হাগ্ৰামা মহিলাৰীৰ ৷ প্ৰমোদ বড়োৰ ইউ পি পি এল দল লোকসভা নিৰ্বাচনৰ আগতেই নিঃশেষ হ’ব বুলি ভৱিষ্যৎবাণী হাগ্ৰামাৰ ৷ বিটিআৰত দুৰ্নীতিৰ পোহাৰ মেলা বুলি প্ৰমোদ বড়োক কটাক্ষ ৷

Hagrama slams Pramod Boro
BPF chief Hagrama Mohilary
author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 7:56 PM IST

বিপিএফৰ যোগদান সভা

বাক্সা, 6 অক্টোবৰ: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা ৷ বিভিন্ন ধৰণে ক্ষমতা প্ৰদৰ্শনৰ যুঁজত নামিছে শাসক-বিৰোধী বিভিন্ন ৰাজনৈতিক সমূহ ৷ একাংশ নেতা-কৰ্মীয়ে এটা দল এৰি আন দলত যোগ দিয়াৰ প্ৰক্ৰিয়াবোৰো চলিবলৈ ধৰিছে ৷ অসমতো ৰাজনৈতিক ক্ষেত্ৰখনত তৎপৰতা বৃদ্ধি পোৱা দেখা গৈছে ৷

শুকুৰবাৰে বাক্সা জিলাৰ বাগানপাৰাত বিপিএফ দলে আয়জন কৰে এখন যোগদান সভা ৷ উক্ত সভাত উপস্থিত থাকি দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিটিচি প্ৰধান প্ৰমোদ বড়োক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷

বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী মহিলাৰীয়ে কয় যে বৰ্তমানৰ বিটিচি প্ৰধান প্ৰমোদ বড়োৱে বিটিআৰৰ উন্নয়নৰ নামত কেলেংকাৰী সংঘটিত কৰিছে ৷ প্ৰতিটো বিভাগতে কেলেংকাৰী সংঘটিত হোৱা বুলি দাবী কৰে মহিলাৰীয়ে ৷ তেওঁ কয় যে প্ৰমোদ বড়োৱে কেৱল খাবহে জানে কাম কৰিব নাজানে ৷ যোৱা তিনিটা বছৰে বিটিআৰত প্ৰমোদ বড়োৱে একো কামেই নকৰিলে বুলি উল্লেখ কৰি চৰকাৰী ধন খৰচৰ হিচাপো তেওঁ দাখিল কৰিব পাৰে বুলি অভিযোগ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

ইফালে শুকুৰবাৰৰ যোগদান সভাত বিজেপি, ইউ পি পি এল আৰু গণ সুৰক্ষা পাৰ্টীৰ বহু সংখ্যক সদস্যই বিপিএফত যোগদান কৰা বুলি উল্লেখ কৰি হাগ্ৰামাই কয় যে লোকসভা নিৰ্বাচনলৈকে ইউ পি পি এল শূন্য হৈ যাব ৷ অৱশ্যে চন্দন ব্ৰহ্ম সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয় যে যদি ব্ৰহ্মই বিপিএফৰ হৈ কাম কৰিব খোজে তেন্তে তেওঁ পুনৰ দলত যোগদান কৰিব লাগিব ৷

আনহাতে, লোকসভা নিৰ্বাচন সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয় যে অসমৰ যিকোনো সমষ্টিতে তেওঁলোকে প্ৰতিদ্বন্দিতা কৰিব পাৰে ৷ কাৰণ তেওঁলোক কাৰো সৈতে মিত্ৰতাত নাই ৷ বিজেপি , অগপ আৰু ইউ পি পি এলৰ মাজত যিহেতু মিত্ৰতা আছে সেয়ে তেওঁলোকৰ মাজত আসন বুজাবুজি হ’ব ৷ কিন্তু বিপিএফে য’তে মন কৰে তাতেই প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰিব ৷ অৱশ্যে মহিলাৰীয়ে লোকসভা নিৰ্বাচনত কোকৰাঝাৰ আৰু ওদালগুৰি-দৰং দুয়োটা সমষ্টিতে প্ৰতিদ্বন্দিতা কৰিব বুলি মন্তব্য কৰি কোকৰাঝাৰত বিপিএফ দল জিকাটো এশ শতাংশ নিশ্চিত বুলি দৃঢ়তাৰে কয় ৷

লগতে পঢ়ক: Assam Congress: অসম কংগ্ৰেছত এতিয়াও আছে ঘৰশত্ৰু বিভীষণ; তৎ হেৰাইছে দলীয় নেতৃত্বৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.