ETV Bharat / state

বাক্সাত বিপিএফ আৰু ইউপিপিএলৰ সদস্যৰ সংঘাত

author img

By

Published : Oct 31, 2020, 5:50 PM IST

বাক্সাত এবছু আৰু বিপিএফৰ সংঘাত ৷ বিপিএফৰ সদস্যৰ বিৰুদ্ধে এবছুৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগ ৷ বৰমাত সংঘটিত ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে

vbtc election
btc election

বৰমা, 31 অক্টোবৰ : বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাত বৃদ্ধি পাইছে এবছু আৰু বিপিএফৰ মাজত সংঘাত ৷ বাক্সা জিলাৰ বৰমাত শনিবাৰে বৰমা আঞ্চলিক এবছু কাৰ্যালয়ত ইউ পি পি এলৰ দুই নেতা প্ৰৱেশক লৈ সৃষ্টি হয় সংঘাতৰ ৷ এবছুৰ অভিযোগ অনুসৰি শনিবাৰে দুপৰীয়া সময়ত ইউ পি পি এল দলৰ দুই নেতা উপস্থিত হয় বৰমা আঞ্চলিক এবছুৰ কাৰ্যালয়ত ৷ সেই সময়তে একেটা চৌহদতে থকা বিপিএফ দলৰ কাৰ্যালয়ৰ পৰা কেইজনমান বিপিএফ দলৰ সদস্য এবছুৰ কাৰ্যালয়ত উপস্থিত হৈ এবছু কাৰ্যালয়ত ৰাজনৈতিক নেতা কিয় আহিব বুলি প্ৰশ্ন কৰে ৷

বাক্সাত বিপিএফ আৰু ইউপিপিএলৰ সদস্যৰ সংঘাত

এই লৈ দুয়ো পক্ষৰ মাজত কিছু তৰ্কাতৰ্কি হয় ৷ তাৰ মাজতে বিপিএফৰ সদস্যই এবছু কাৰ্যালয়ত প্ৰৱেশ কৰি কাৰ্যালয়ৰ চকী মেজ লণ্ডভণ্ড কৰে ৷ পিচত ঘটনাস্থলীত বৰমা আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও ঘটনাক লৈ এবছুৱে বৰমা আৰক্ষী থানাত এখন এজাহাৰ প্ৰদান কৰে ৷ আনহাতে বিপিএফৰ এগৰাকী সদস্যই জানিবলৈ দিয়া মতে এবছুৰ কাৰ্যালয়ত ইউ পি পি এল দলৰ নেতা প্ৰৱেশ কৰা সন্দৰ্ভত সুধিবলৈ যোৱাত দুয়ো পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয় ৷ ইফালে বৰমাত সংঘটিত ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক : ৰাজ্যলৈ আগমণ ঘটিল শীতৰঃফৰকাল থাকিব উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.