ওদালগুৰি, 30 এপ্ৰিল: ওদালগুৰিত হাতী মানুহৰ সংঘাতৰ চুড়ান্ত ৰূপ । এটা সপ্তাহৰ ভিতৰতে হাতীৰ আক্ৰমণৰ প্ৰাণ গল দুজনৰ । সোমবাৰেও জিলাখনত হাতীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ । পুনৰ হাতী-মানুহৰ সংঘাতে ভয়াবহ ৰূপ লৈছে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত । সোমবাৰে নিশাও জিলাখনৰ হৰিশিঙা থানাৰ অন্তৰ্গত বনগুৰুনত হাতীৰ আক্ৰমণৰ ফলত থিতাতে প্ৰাণ গ'ল বেনে খেড়িয়া নামৰ এজন যুৱকৰ । নিহত যুৱক জনৰ ঘৰ কোৰামোৰ চাহ বাগিছাত বুলি জানিব পৰা গৈছে । প্ৰাপ্ত তথ্য মতে নিশা বনগুৰুম গীৰ্জা ঘৰত কাম কৰি নিজৰ ঘৰলৈ উভতি আহি থাকোতে হাতীৰ আক্ৰমণৰ সন্মূখীন হৈছিল যুৱকজন । আজি মৃত যুৱকজনৰ মৃতদেহ বন বিভাগে উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । উল্লেখযোগ্য যে, যোৱা বুধবাৰেও জিলা খনৰ ডিমাকুছি থানাৰ অন্তৰ্গত ২ নং চেগুনবাৰীত বিহু চাবলৈ গৈ হাতীৰ আক্ৰমণত নিহত হৈছিল ৰাহুল সোণাৰী (১৬) নামৰ এজন ছাত্ৰ ।
ওদালগুৰিত পুনৰ হাতীৰ আক্ৰমণত মৃত্যু যুৱকৰ - udalguri
এটা সপ্তাহৰ ভিতৰতে হাতীৰ আক্ৰমণৰ প্ৰাণ গল দুজনৰ ।