বাক্সা, ২ অক্টোবৰ : গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি দেওবাৰে বাক্সা জিলাৰ বৰমাৰ সমাজসেৱক পংকজ ৰাভাই স্বেচ্ছাই ইলোৰা বিজ্ঞান মঞ্চৰ (Ellora Science Forum) জড়িয়তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ তেওঁৰ দেহদান (Organ donation of social worker at Barama) আৰু নেত্ৰালয়লৈ চকুদান কৰাৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰে ৷
চুক্তি পত্ৰত স্বাক্ষৰ কৰি ৰাভাই কয় যে, তেওঁ বহুদিন আগৰে পৰা দেহদান, চকুদান কৰাৰ বাবে ইচ্ছা কৰি আহিছিল ৷ কিন্তু তেওঁ কোনো যোগাযোগ কৰিব পৰা নাছিল ৷ ৰাভাই আজি ইলোৰা বিজ্ঞান মঞ্চৰ সহায়ত বাক্সা প্ৰেছ ক্লাৱত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ তেওঁৰ মৃত্যুৰ পিছত দেহটো দান আৰু নেত্ৰালয়লৈ তেওঁৰ চকুদুটি দান কৰাৰ চুক্তি পত্ৰত স্বাক্ষৰ কৰে ৷ চুক্তিৰ সময়ত ইলোৰা বিজ্ঞান মঞ্চ বাক্সা জিলাৰ সমন্বয়ক আলকাছ আলী উপস্থিত থাকে ৷
বহুতেই জ্ঞাত নহয় যে মানৱদেহ এটি অতি মূল্যৱান সম্পদ । ইয়াক কেৱল পৰম্পৰা অনুসৰি দাহ কৰি অথবা সমাধিস্থ কৰি নষ্ট কৰা অনুচিত ।
প্রয়োজনীয় শৱদেহৰ অভাৱে চিকিৎসা মহাবিদ্যালয়বোৰত শৰীৰতত্বৰ শিক্ষা প্ৰদান তথা গ্ৰহণত বহু সমস্যাৰ সৃষ্টি কৰি আহিছে । এটি মৃতদেহে চিকিৎসা বিজ্ঞানৰ শিক্ষা, প্ৰশিক্ষণ, গৱেষণা আৰু অংগ প্ৰতিস্থাপন, সংৰোপণৰ অলেখ সুযোগ-সুবিধা আগবঢ়ায় । উল্লেখ্য় যে, এটি দেহে অংগ প্ৰতিস্থাপন/সংৰোপণৰ ৫০ টা পৰ্যন্ত সুযোগ প্ৰদান কৰিব পাৰে ।
লগতে পঢ়ক:মৰাণত গান্ধী জয়ন্তী উপলক্ষে মৰাণত জাতিৰ পিতালৈ শ্ৰদ্ধাৰ্ঘ্য়