বৰমা, 24 আগষ্টঃ বড়ো ওমেন জাষ্টিচ ফৰামৰ সভানেত্ৰী ডা৹ অঞ্জলী দৈমাৰীয়ে বিপিএফ দলত যোগদান কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ফৰামৰ সম্পাদিকা লীলা বসুমতাৰীয়ে ৷ তেখেতে কয় যে, 1993 চনৰে পৰা তেখেত বড়ো ওমেন জাষ্টিচ ফৰামৰ সৈতে জড়িত হৈ আছে ৷ ই এক অৰাজনৈতিক সংগঠন ৷ কোনো ৰাজনৈতিক দলৰ প্ৰতিনিধিত্ব নকৰে এই সংগঠনটোৱে ৷
আনহাতে, ফৰামৰ সভানেত্ৰী ডা৹ অঞ্জলী দৈমাৰীয়ে বিপিএফ দলত যোগদান কৰাৰ কথা কমিটিক জনোৱা নাই বুলিও সদৰি কৰে সম্পাদিকা লীলা বসুমতাৰীয়ে ৷ ফৰামৰ সদস্যসকলৰ সৈতে কোনো ধৰণৰ আলোচনাত মিলিত নোহোৱাকৈয়ে বিপিএফত যোগদান কৰা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰি সম্পাদিকা লীলা বসুমতাৰীয়ে প্ৰয়োজন সাপেক্ষে ফৰামৰ পৰা অব্যাহতি লোৱাৰ কথা সাংবাদিকক অৱগত কৰে ৷