বাক্সা,18 অক্টোবৰঃ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বৃহস্পতিবাৰে বাক্সাৰ তামুলপুৰত উলিওৱা হয় বিজেপিৰ সংকল্প যাত্ৰা ৷ বাক্সা জিলা ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত উলিওৱা সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাই ৷ ভৱেশ কলিতাৰ লগতে সংকল্প যাত্ৰাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সম্পাদক শিৱ নাথ ব্ৰহ্ম,বাক্সা জিলাৰ বিজেপি সভাপতি ৰাম দাহাল,ৰাজ্যিক যুৱ মৰ্চাৰ কেন্দ্ৰীয় সম্পাদক ভিক্টৰ কুমাৰ দাস,আৰু জনজাতি মৰ্চাৰ সভাপতি হৰেন ডেউৰী ৷
সংকল্প যাত্ৰাৰ শুভ উদ্বোধন কৰি ৰাইজক গান্ধীৰ আদৰ্শৰে আগবাঢ়ি যাবলৈ পৰামৰ্শ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ 3 কিঃমিঃ লৈকে উলিওৱা যাত্ৰাত প্লাষ্টিক বৰ্জনৰ দৰে কাৰ্যসূচী হাতত লোৱা হয় ৷