ETV Bharat / state

বিজেপিক বাদ দি কোনেও পৰিষদ গঠন কৰিব নোৱাৰে: পীযুষ হাজৰিকা - Covid 19

নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অব্যাহত ৰাখিছে বিটিচিত ৷ কৰ’ণা মহামাৰীৰ আতংকক নেওচি বিজেপি দলেও অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰৰ ৷ প্ৰচাৰৰ স্বাৰ্থতে দলটোৱে অনুষ্ঠিত কৰিছে ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভা ৷

Bjp election campaign in barama baksa assam etv bharat news
নিৰ্বাচনী প্ৰচাৰ সভা
author img

By

Published : Sep 15, 2020, 12:47 PM IST

বৰমা, 15 চেপ্তেম্বৰ: কোভিড 19 ৰ সংক্ৰমণ বৃদ্ধিৰ লেখীয়াকৈ অধিক গৰম হৈ পৰিছে বিটিচি নিৰ্বাচনৰ বতাহ ৷ নিৰ্বাচনৰ স্বাৰ্থত যেন প্ৰতিটো দলৰ মাজত চলিছে একপ্ৰকাৰ অঘোষিত প্ৰতিযোগিতা ৷ সেয়ে প্ৰতিকূল বতৰকো নেওচি জনতাৰ ভিৰ পৰিলক্ষিত হ’ল বাক্সাৰ আঙাৰধোৱাত ৷ বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী আৰতী বৰদলৈৰ সমৰ্থনত সোমবাৰে এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই ৷ হাজৰিকাই নিৰ্বাচনী ভাষণৰ মাজতে বিজেপিক বাদ দি কোনেও পৰিষদীয় সমষ্টি গঠন কৰিব নোৱাৰে বুলি দাবী কৰে ৷ এইবেলি বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে 26 টা সমষ্টিত প্ৰাৰ্থী নিক্ষেপ কৰিব ৷ লগতে ইয়াৰ 23 টা সমষ্টিত দলটোৱে জয়লাভ কৰি বিটিচি দখল কৰিব বুলিও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷ সদায় দৰিদ্ৰ,আৰ্তজনৰ পক্ষক থকা বিজেপি দলকে ৰাইজে নিৰ্বাচনত আঁকোৱালি লব ৷ বিটিচিত বিপিএফৰ সৈতে বিজেপিয়ে কোনো সংঘাত নোহোৱাকৈ বৰঞ্চ বন্ধুত্বমূলক প্ৰতিদ্বন্দিতাৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা দোহাৰে মন্ত্ৰী হাজৰিকাই ৷

আঙাৰধোৱাত নিৰ্বাচনী প্ৰচাৰ সভা

আনহাতে,আছুৰ প্ৰস্তাৱিত ৰাজনৈতিক দল সম্পৰ্কত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সুৰতে সুৰ মিলাই পীযুষ হাজৰিকাই কয় যে, নতুনকৈ গঠন হ’ব লগীয়া দলটোৰ কোনো ভিত্তি নাই ৷ গতিকে সমাগত নিৰ্বাচনত ২,৫০০ টা ভোট লাভতে দলটো সীমাৱদ্ধ থাকিব বুলি কটাক্ষ কৰে ৷ নিৰ্বাচনী সভাখনত প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো, বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহালৰ লগতে শতাধিক দলীয় কৰ্মী উপস্থিত থাকে ৷ তদুপৰি সভাখনত শতাধিক বিভিন্ন দলৰ সদস্যই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ৷

লগতে চাওকঃ ৰ্ষাপাৰাত অত্যাধুনিক জিমনেচিয়ামৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.