ETV Bharat / state

বাক্সাত বিজেপিৰ ক’লা দিৱস পালন

author img

By

Published : Jun 27, 2020, 5:16 AM IST

Updated : Jun 27, 2020, 8:08 AM IST

ক’লা দিৱস পালন অনুষ্ঠানত উপস্থিত থাকে অসমৰ জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতা ৷ কলিতাৰ উপস্থিতিত নতুনকৈ বহু যুৱকে যোগদান কৰে বিজেপিত ৷

বাক্সাত বিজেপিৰ ক’লা দিৱস পালন
বাক্সাত বিজেপিৰ ক’লা দিৱস পালন

বৰমা, ২৫ জুনঃ শুকুৰবাৰে বাক্সা জিলাৰ মুছলপুৰত বিজেপিৰ ক’লা দিৱস পালন কৰাৰ লগতে বিজেপি দলত বিভিন্ন দলৰ পৰা কেইবাজনো সদস্যই যোগদান কৰে ৷ অসমৰ জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ উপস্থিতিত যোগদান প্ৰক্ৰিয়া সম্পন্ন হয় ৷ ভবেশ কলিতাই কয় যে বিটিএডিত ২৬ টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু সকলোকে বিজয়ী কৰাৰ কাৰণে তেওঁ সদস্য সকলক আহ্বান জনায় ৷ উল্লেখ্য ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী কষ্টেন তিৰ্কীয়ে নিৰ্বাচনী প্ৰচাৰ কৰাৰ সময়তে বিজেপি দলত যোগদানৰ প্ৰক্ৰিয়াই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

বাক্সাত বিজেপিৰ ক’লা দিৱস পালন

ইপিনে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিজেপিয়ে বহু উন্নয়ণমুখী আঁচনি হাতত লোৱা বুলি উল্লেখ কৰি মন্ত্ৰী কলিতাই কয় যে, এনে উন্নয়ণমুখী কামৰ বাবেই অসমৰ ৰাইজে তেওঁলোকৰ দলটোক অধিক পচণ্ড কৰে ৷ আনহাতে 2021ৰ বিধানসভা নিৰ্বাচনত শতাধিক আসন লাভ কৰি বিজয়ী হ'ব বুলি তেওঁ প্ৰকাশ কৰে ৷

লগতে পঢ়কঃ গহপুৰত বানে খহালে গড়কাপ্তানী পথৰ এছোৱা

Last Updated : Jun 27, 2020, 8:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.