বাক্সা, 6 মাৰ্চঃ ৰাজ্যৰ স্বাস্থ্য বিভাগত অভিনৱ সংযোজন ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বপ্ৰথম "বাইক এম্বুলেঞ্চ" সেৱা মুকলি । কেৱল অসমৰে নহয় উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম বাইক এম্বুলেঞ্চ সেৱাৰ আৰম্ভণি হ'ল বাক্সাৰ ৰাজপথত । 108 আৰু নদী এম্বুলেন্সৰ পিছত এইবাৰ বাক্সাৰ কাউলীত মুকলি বাইক এম্বুলেঞ্চ সেৱা । অসমৰ ভিতৰুৱা অঞ্চলৰ ৰোগীক সহায়ৰ বাবে আৰম্ভ হৈছে এই বাইক এম্বুলেঞ্চ সেৱা । বাক্সাৰ কাউলী স্বাস্থ্য কল্যাণ কেন্দ্ৰত উপলব্ধ হৈছে এই বাইক এম্বুলেঞ্চ সেৱা । ৰাজ্যৰ ৰাজপথত কোনো দিনে দেখিবলৈ নোপোৱা এক দৃশ্যই হৈছে বাইক এম্বুলেঞ্চ ।
উল্লেখযোগ্য যে, ভাৰতৰ কেইখনমান ৰাজ্যত বাইক এম্বুলেঞ্চ সেৱা চলি আছে যদিও অসমত নাছিল । কিন্তু নৰ্থ ইষ্ট কাউন্সিল আৰু নীতি আয়োগৰ "এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট"- বাক্সা আচঁনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম এই সেৱা আৰম্ভ হয় বাক্সাত । ফাৰ্ষ্ট ৰেস্প’ণ্ডাৰ ভেহিকল হিচাপে পৰিচিত হ’ব লগা এই এম্বুলেঞ্চত থাকিব ৰোগীক নিব পৰা সুবিধা, এটি বক্স পৰ্টেব’ল অক্সিজেন চিলিণ্ডাৰ, ফাৰ্ষ্ট এইড বক্স আৰু ড্ৰেছিং সৰঞ্জাম । ৰোগীৰ এজনৰ অভিভাৱকো যাব পাৰিব বাইকখনত ।
আনহাতে, অঞ্চলটোৰ এক দীৰ্ঘদিনীয়া সমস্যা দূৰ হোৱাৰ কথা সদৰী কৰিছে সচেতন নাগৰিকে । গাঁও অঞ্চলৰ ভিতৰুৱা ঠাইৰ পৰা ৰোগী আৰু গৰ্ভৱতী মহিলাক অনা নিয়া কৰা এই বাইক এম্বুলেঞ্চে বিশেষভাৱে সহায় কবিৰ বুলিও মন্তব্য কৰে স্থানীয় ৰাইজে ৷ চৰকাৰৰ এনে এক বিশেষ পদক্ষেপক কৃতজ্ঞতা জনাই ধন্যবাদ জ্ঞাপন কৰে অঞ্চলবাসীয়ে ৷
আৰু পঢ়কঃ কৰ'ণা ভাইৰাছৰ সন্দেহত পৰ্যবেক্ষণত ৰখা হৈছে ইটালীৰ এগৰাকী পৰ্যটকক