ETV Bharat / state

ভূটান চৰকাৰে পানী যোগান ধৰিব বাক্সৰ কৃষকক - পানী যোগান

কৰ’ণাৰ মহামাৰীৰ বাবে ভূটানলৈ বান মেৰামতি কৰিবলৈ যাব পৰা নাছিল বাক্সৰ কৃষক ৰাইজ ৷ ফলত ভূটান চৰকাৰে ৰাইজৰ সুবিধাৰ অথে পানী যোগান ধৰিব বুলি ৰাইজলৈ প্ৰত্ৰ প্ৰেৰণ কৰাত আনন্দত আত্মহাৰা হৈ পৰিছে কৃষক ৰাইজ ৷

Bhutan government water release baksha farmers
ভূটান চৰকাৰে পানী যোগান ধৰিব বাক্সৰ কৃষকক
author img

By

Published : Jun 4, 2020, 11:57 AM IST

বাক্সা,৪ জুনঃ কৰ'ণা মহামাৰীৰ বাবে সমগ্ৰ বিশ্বতে আতংকময় পৰিবেশ বিৰাজ কৰিছে । ইপিনে ভাৰতবৰ্ষত আন'লক-1 চলি থকাৰ মাজতো বৰ্তমানেও জন-জীৱন ব্যাহত হৈ আছে ৰাজ্যত । আনফালে বাৰিষাৰ সময় চাপি অহাৰ লগে লগে চুবুৰীয়া দেশ ভূটানৰ পানী অবিহনে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ দৰঙামেলা ,পাটকীজুলী, পাহাৰপুৰ, শুকানজুলী, বগাজুলী আদিৰ বৃহত্তৰ অঞ্চলৰ খেতিয়কৰ মাজত হাহাকাৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় । সেই সময়তে বৃহস্পতিবাৰৰে ভূটানৰ মৈয়ত্ৰী সংগঠন (BIFA)ৰ উপ-সভাপতি টিচিৰিং নামগেল(Targeting Namgyel) এক বাৰ্তা যোগেদি জানিবলৈ দিয়া অনুসৰি বাক্সা জিলাৰ সীমান্ত অঞ্চলত বসবাস কৰা লোকসকলৰ বাবে চুবুৰীয়া দেশ ভূটানৰ পৰা উৎপত্তি হোৱা দৰঙানদীৰ পানী এৰি দিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে । ইমানেই নহয়, এই প্ৰক্ৰিয়াৰ বাবে হোৱা সমূদায় ব্যয় ভূটান চৰকাৰে বহন কৰিব বুলি জানিবলৈ দিয়ে ।

উল্লেখ্যযোগ্য যে, স্বাধীনতাৰ পিছৰে পৰা প্ৰতি বছৰে বাক্সাৰ স্থানীয় বান সমিতি সমূহে ভূটান চৰকাৰৰ সহযোগত দেশখনৰ ভিতৰত থকা বানটো মেৰামতি কৰি আহি যদিও এইবাৰ লক ডাউনৰ বাবে ভূটানৰ ভিতৰত বিদেশী লোকৰ প্ৰবেশ বন্ধ কৰি দিছে । সেয়ে বান সমিতি সমূহে ভূটানত থকা বানটো মেৰামতি কৰিবলৈ কৰিবলৈ যাব নোবাৰিলে । যাৰ পৰিপ্ৰেক্ষিততে ভূটান চৰকাৰে অসমৰ বাক্সা জিলাৰ সীমান্ত অঞ্চলৰ খেতিয়কক সহায় কৰিবলৈ সিদ্ধান্ত লৈছে।

ইপিনে ভূটান চৰকাৰৰ এই সিদ্ধান্তত সমগ্ৰ বাক্সা জিলাৰ সীমান্ত অঞ্চলৰ বান সমিতি আৰু কৃষক ৰাইজ আনন্দিত হৈ পৰিছে ।

লগতে পঢকঃ দেশত COVID-19 পৰীক্ষণে অতিক্ৰম কৰিলে 40 লাখৰ ঘৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.