ETV Bharat / state

বাক্সাত 'বেটী বচাও বেটী পঢ়াও' কাৰ্যসূচী

এছ এছ বিৰ ২৭ নম্বৰ বেটেলিয়ানৰ লক্ষীবজাৰ কেম্পৰ উদ্যোগত আৰু ককলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বাক্সাত 'বেটী বচাও বেটী পঢ়াও' শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

বাক্সাত এছ এছ বিৰ উদ্যোগত 'বেটী বচাও বেটী পঢ়াও' কাৰ্যসূচী

author img

By

Published : Feb 25, 2021, 1:14 PM IST

Updated : Feb 25, 2021, 8:03 PM IST

বাক্সা,২৫ ফেব্ৰুৱাৰী: বাক্সা জিলাৰ শিমলাত এছ এছ বিৰ বিশেষ সজাগতামূলক কাৰ্যসূচী । এছ এছ বিৰ ২৭ নম্বৰ বেটেলিয়ানৰ লক্ষীবজাৰ কেম্পৰ উদ্যোগত আৰু ককলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত "বেটী বচাও বেটী পঢ়াও" শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' অভিযানৰ অংশ হিচাপে বুধবাৰে এই কাৰ্যসূচী ৰূপায়ণ কৰে ।

লক্ষীবজাৰ কেম্পৰ ভাৰপ্ৰাপ্ত বিষয়া উমা শংকৰ পাটলে জনোৱা মতে তেওঁলোকে প্ৰতি মাহে এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷ "বেটী বচাও বেটী পঢ়াও" কাৰ্যসূচীৰ জৰিয়তে ৰাইজক ল'ৰা-ছোৱালী উভয়ে সমান বুলি সজাগ কৰিব বিচৰা হৈছে । সজাগতামূলক কাৰ্যসূচীটোত ককলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলৰ উপৰিও এছ এছ বিৰ পৰিদৰ্শক কে চি মজুমদাৰ, বিদ্যালয়খনৰ অধ্যক্ষ বিক্ৰম কলিতাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:বিশ্বনাথৰ বাট-পথ উন্নীতকৰণত বিশেষ গুৰুত্ব উপায়ুক্তৰ

Last Updated : Feb 25, 2021, 8:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.