বাক্সা, ৭ জুন : বেঁকী নৈৰ গৰা খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত গোৱৰ্ধনা স্থিত ১১৫ বছৰীয়া ঐতিহ্যমণ্ডিত শংকৰ-মাধৱ সত্ৰ ৷ সম্প্ৰতি সত্ৰখনৰ পৰা মাত্ৰ ৫০ মিটাৰ আঁতৰত বেঁকী নৈয়ে অৱস্থান কৰাত শংকাত ভোগিছে স্থানীয় লোকৰ লগতে নৈপৰীয়া ৰাইজ ৷
এসপ্তাহ পূৰ্বে এই সন্দৰ্ভত বাতৰি প্ৰকাশ হোৱাৰ পাচতে ঘটনাস্থলীত উপস্থিত হৈছিল বি টি আৰ (BTR) ৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাস ৷ ইয়াৰ পাচতে এই খহনীয়া ৰোধ কৰিবৰ বাবে তাৎকালীন ব্যৱস্থা গ্ৰহণ কৰিছে বি টি আৰ (BTR)ৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীয়ে ৷
বেঁকী নৈপুনৰ উক্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বাঁহৰ বেৰিকেডেৰে সাময়িকভাৱে ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে গৌতম দাসে ৷ জানিব পৰা মতে শালবাৰীৰ গোৱৰ্ধনা, মইনামাতা, খাগ্ৰাবাৰীকে ধৰি তিনি ঠাইত আৰম্ভ কৰা হৈছে এই কাম ৷
লগতে পঢ়ক: Etv Bharat ৰ বাতৰিৰ প্ৰভাৱ: জকাইত বৃদ্ধ দম্পতীক আগবঢ়ালে সহায়