ETV Bharat / state

এন আৰ চিৰ বিৰুদ্ধে ক্ষোভ বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ - এনআৰচিৰ পৰা ষড়যন্ত্ৰমূলকভাৱে বহিস্কৰণৰ অভিযোগ

বৰ্মন কছাৰী জনগোষ্ঠীক বলিৰ পঠা সজোৱাৰ অভিযোগ বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ ৷ বাকী ৰোৱা 2500 মানুহৰ নাম বিনাচৰ্তে এনআৰচিত অন্তৰ্ভূক্ত নকৰিলে পৰিণাম ভয়াৱহ হোৱাৰ হুংকাৰ ৷

বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সংবাদমেল
author img

By

Published : Sep 8, 2019, 9:35 AM IST

তামুলপুৰ, 8 চেপ্তেম্বৰঃ শনিবাৰে তামুলপুৰত এনআৰচিৰ পৰা ষড়যন্ত্ৰমূলকভাৱে বহিস্কৰণৰ অভিযোগ আনিলে নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাই ৷ সংবাদমেলযোগে ছাত্ৰ সন্থাৰ অভিযোগ, ষড়যন্ত্ৰকমূলক ভাৱে বৰ্মন কছাৰী জনজাতিৰ ২৫০০ মানুহৰ নাম বাদ দিয়া হৈছে এনআৰচিৰ সদ্য প্ৰকাশিত তালিকাৰ পৰা ৷ বিয়লি ৪ বজাত তামুলপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ বৰ্মনে কয় যে অসমৰ স্বীকৃতি প্ৰাপ্ত ১৪ টা জনজাতিৰ ভিতৰত ১৩ টা জনজাতিৰ লোকৰ নাম সদ্য প্ৰকাশিত এন আৰ চিত অন্তৰ্ভুক্ত হয় কিন্তু বৰ্মন কছাৰী জনজাতিৰ প্ৰায় ২৫০০ মানুহৰ নাম এন আৰ চিৰ খচৰাৰ পৰা বাদ দিয়া হৈছে ৷ এন আৰ চিৰ কামত নিয়োজিত একাংশ বিষয়া কৰ্মচাৰীৰ গাফিলতি আৰু চৰকাৰী প্ৰশাসনৰ অবহেলাৰ বাবে বৰ্মন কছাৰীৰ দৰে জনজাতিৰ লোক সকল হাৰাশাস্তিৰ সন্মুখীন হব লগা হৈছে ৷ তেওঁ লগতে কয় যে, নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাই আছুকে ধৰি ৩০ টা জনগোষ্ঠীয় সংগঠনৰ লগত অসমত এখন শুদ্ধ এন আৰ চি প্ৰস্তুত হোৱা বাবে কাম কৰি আহিছিল। এন আৰ চি কৰ্তৃপক্ষৰ লগত হোৱা আলোচনাত জনজাতি হিচাপে ১০০ শতাংশ বৰ্মন কছাৰী জনগোষ্ঠীৰ লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও এয়া ফুটুকাৰ ফেনত পৰিণত হৈছে । এন আৰ চি কৰ্তৃপক্ষই বৰ্মন কছাৰী জনগোষ্ঠীক বলিৰ পঠাৰ দৰে ব্যৱহাৰ কৰিলে ৷

অন্যান্য জনজাতিৰ দৰে কোনো নথিপত্ৰ নোহোৱাকৈ বৰ্মন কছাৰী সকলক এনআৰচিত অন্তৰ্ভূক্ত কৰাৰ দাবী জনোৱাৰ লগতে এজন বৰ্মন কছাৰীৰ নামো যদি এনআৰচিৰ পৰা বাদ পৰে, তেন্তে তাৰ পৰিণাম ভয়াৱহ হ'ব বুলিও সকিয়াই দিয়ে ছাত্ৰনেতাজনে ৷

Intro:তামুলপুৰত নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সংবাদ মেল ---- ষড়যন্ত্ৰকমূলক ভাৱে বৰ্মন কছাৰী জনজাতিৰ ২৫০০ মানুহৰ নাম বাদ দিয়া হৈছে এন আৰ চিৰ খচৰাৰ পৰা-

Body:বৰ্মন কছাৰী জনজাতি অসমৰ ইতিহাস প্ৰসিদ্ধ জনজাতি। আজি ইতিহাসৰ পাত লুটিয়াই চালে এই জনজাতিৰ ইতিবৃত্ত ষ্পষ্টৰূপে জানিব পৰা যায়। অসমৰ স্বীকৃতি প্ৰাপ্ত ১৪ টা জনজাতিৰ ভিতৰত ১৩ টা জনজাতিৰ লোকৰ নাম সদ্য প্ৰকাশিত এন আৰ চিত অন্তৰ্ভুক্ত হয় । কিন্তু বৰ্মন কছাৰী জনজাতিৰ প্ৰায় ২৫০০ মানুহৰ নাম এন আৰ চিৰ খচৰাৰ পৰা বাদ দিয়া হৈছে ---এই ভাষ্য নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ বৰ্মনৰ। তামুলপুৰ প্ৰেছ ক্লাৱত আজি বিয়লি ৪ বজাত অনুষ্ঠিত এক সংবাদ মেলত ছাত্ৰ নেতা বৰ্মণে এই মন্তব্য আগবঢ়ায় । সংবাদ মেলখন সম্বোধন কৰি তেওঁ পুণৰ কয় যে অন্যান্য জানজাতি লোকৰ নাম সমূহ কোনো নথিপত্ৰ তথা সঠিক যোগসূত্ৰ নোহোৱাকৈয়ে এন আৰ চিত অন্তৰ্ভুক্ত হৈছে । কিন্তু বৰ্মন কছাৰী লোকসকলক মাহী আইৰ দৃষ্টিৰে চোৱা হৈছে। বৰ্মণ কছাৰীসকল খিলঞ্জীয়া হোৱা স্বত্বেও বিদেশী ন্যায়াধীকৰণত গৈ নিজকে স্বদেশী বুলি প্ৰমাণ কৰিব লগা হোৱাটো অতি দুৰ্ভাগ্যজনক আখ্যা দিয়ে ছাত্ৰ নেতা সঞ্জীৱ বৰ্মণে । তেওঁ পুণৰ কয় খিলঞ্জীয়া হৈও অসমৰ বাবে এতিয়া অভিশাপ হবলৈ গৈ আছে এই জনজাতিটো । এন আৰ চিৰ চূড়ান্ত খচৰাত খিলঞ্জীয়া জনজাতি অন্তৰ্ভুক্ত নোহোৱাটো এক গভীৰ উদ্বেগৰ বিষয় বুলি উল্লেখ কৰি তেওঁ কয় যে এন আৰ চিৰ কামত নিয়োজিত একাংশ বিষয়া কৰ্মচাৰীৰ গাফিলতি আৰু চৰকাৰী প্ৰশাসনৰ অবহেলাৰ বাবে বৰ্মন কছাৰীৰ দৰে জনজাতিৰ লোক সকল হাৰাশাস্তিৰ সন্মুখীন হব লগা হৈছে। সংবাদ মেলখনত ছাত্ৰ নেতা সঞ্জীৱ বৰ্মনে কয় যে নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাই আছুকে ধৰি ৩০ টা জনগোষ্ঠীয় সংগঠনৰ লগত অসমত এখন শুদ্ধ এন আৰ চি প্ৰস্তুত হোৱা বাবে কাম কৰি আহিছিল। এন আৰ চি কৰ্তৃপক্ষৰ লগত হোৱা আলোচনাত জনজাতি হিচাপে ১০০ শতাংশ বৰ্মন কছাৰী জনগোষ্ঠীৰ লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও এয়া ফুটুকাৰ ফেনত পৰিণত হৈছে । এন আৰ চি কৰ্তৃপক্ষই বৰ্মন কছাৰী জনগোষ্ঠীক বলিৰ পঠাৰ দৰে ব্যৱহাৰ কৰা বুলিও তেওঁ মন্তব্য কৰে। সংবাদ মেলখনৰ জৰিয়তে বৰ্মনে অন্যান্য জনজাতিৰ দৰে কোনো নথিপত্ৰ নোহোৱাকৈ বিনাদ্বিধাই বৰ্মণ কছাৰী লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী জনাইছে। এন আৰ চিৰ পৰা বাদ পৰি বৰ্মণ কছাৰী জনজাতিৰ এজন লোকো যদি বিদেশী বুলি বিতাৰিত হব লগা হয় তেন্তে তাৰ পৰিনাম ভয়াবহ হব বুলিও হুংকাৰ দিয়ে সঞ্জীৱ বৰ্মনে ।

Conclusion: আজিৰ এই সংবাদ মেলত নিখিল বৰ্মণ কছাৰী ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিৰ সভাপতি বিনয় বৰ্মণ, সাধাৰণ সম্পাদক মহেশ্বৰ বৰ্মণ, যুটীয়া সম্পাদক অমৃত বৰ্মণ, জয়চৰণ বৰ্মণ, উপদেষ্টা চন্দ্ৰ বৰ্মণ আৰু উপ সভাপতি কাৰ্তিক বৰ্মণ উপস্থিত থাকে।

byte :

Ajit Rabha BAKSA
ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.