বৰমা,22 ফেব্ৰুৱাৰী: শান্তিৰ স্বাৰ্থত চুক্তি স্বাক্ষৰ কৰি স্বাক্ষৰকাৰীকে জেললৈ প্ৰেৰণ কৰিলে শান্তি কেতিয়াও নাহে ৷ শনিবাৰে বৰমা প্ৰেছ ক্লাৱত সংবাদ মেল আয়োজন কৰি এই মন্তব্য দিয়ে বড়ো পিপুলচ কমিটি ফৰ পিচ ইনিচিয়েটিভ সংগঠনৰ সভাপতি ৰংজালু বসুমতাৰীয়ে ৷
স্থায়ী শান্তিৰ স্বাৰ্থত বিগত ২৭ জানুৱাৰীত এন ডি এফ বিৰ চাৰিওটা গোটে স্বাক্ষৰ কৰিছিল তৃতীয় বড়ো শান্তি চুক্তিত ৷ তাৰ বাবে যাৱজীৱন কাৰাদণ্ডেৰে দণ্ডিত এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীক চাৰি সপ্তাহৰ বাবে জামিন প্ৰদান কৰিছিল ন্যায়ালয়ে ৷ পিচে জামিনৰ ম্যাদ উকলি যোৱাৰ পিচত পুনৰ জেললৈ প্ৰেৰণ কৰে ৰঞ্জন দৈমাৰীক ৷ তাতে ক্ষুন্ন হৈ কালি এন ডি এফ বিৰ চাৰিটা গোটৰ সমন্বয়ৰক্ষী সমিতিয়ে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়াৰ পাছত পুনৰ শনিবাৰে বড়ো পিপুলচ কমিটি ফৰ পিচ ইনিচিয়েটিভ নামৰ সংগঠনটোৱে মুক্তিৰ দাবী জনায় ৰঞ্জন দৈমাৰীক ৷
সংগঠনটোৱে সংবাদমেলৰ আয়োজন কৰি ৰঞ্জন দৈমাৰীক পুনৰ জেললৈ প্ৰেৰণ কৰা কাৰ্যক গৰিহণা দি কয় যে শান্তিৰ স্বাৰ্থত চুক্তি স্বাক্ষৰ কৰি স্বাক্ষৰকাৰীকে জেললৈ প্ৰেৰণ কৰিলে শান্তি কেতিয়াও নাহে ৷ গতিকে কেন্দ্ৰ, ৰাজ্য চৰকাৰ তথা ন্যায়ালয়ে বিষয়টো বিবেচনা কৰিব ৷ সংগঠনটোৰ সভাপতি ৰংজালু বসুমতাৰীয়ে কয় যে ৰঞ্জন দৈমাৰীকে নহয় এনডিএফবিৰ যিসকল নেতা, কেডাৰ এতিয়াও জেলত আছে সেইসকলোকে মুক্তি দিব লাগে ৷ তেতিয়াহে শান্তি প্ৰতিষ্ঠা হ'ব ৷ সংবাদমেলত সংগঠনটোৱে ৰঞ্জন দৈমাৰীৰ মুক্তিৰ বাবে এন ডি এফ বিৰ চাৰিটা গোটৰ সমন্বয়ৰক্ষী সমিতিয়ে ঘোষণা কৰা আন্দোলনক নৈতিক সমৰ্থন দি তেওঁলোকেও গণতান্ত্ৰিক আন্দোলন কৰিব বুলি জানিব দিয়ে ৷
লগতে পঢ়ক:অসমৰ প্ৰথম গৰাকী ক্ৰীড়া ফটো সাংবাদিক তৰনীকান্ত বৰ্মনৰ দেহাৱসান