- মাঘৰ উৰুকাৰ দিনা আপুনি কি খাব ?
- নোদোকা হাঁহ নে কুকুৰা ! নে
- ৰাঘ বৰালি, চিতল নে আঁৰি ভকুৱা.....?
বাক্সা, 14 জানুৱাৰীঃ ভোগালী উৰুকাৰ নিশা লগে ভাগে এসাজ দকচি খাবলৈ সকলো কাহিলীপুৱাতে বজাৰলৈ গৈছে ৷ বজাৰতে ওলাইছে বিধে বিধে মাছ, মাংস,হাঁহ, কুকুৰা আদি ৷ কিন্তু আমি আপোনালোকক দিম এখন বিশেষ বজাৰৰ সন্ধান ৷ য'ত হাঁহ কুকুৰা বা মাছ পুঠিৰ পৰিৱৰ্তে গ্ৰাহকে কিনিছে এক বিশেষ বস্তু ৷
বিক্ৰীৰ বাবে এন্দুৰৰ একাংশ বজাৰখনত পোৱা বনৰীয়া এন্দুৰৰ মাংস কিনিবলৈ আহিছে বহুলোক ৷ আচৰিত যেন লাগিলেও এয়ে সঁচা কথা ৷ থাইলেণ্ড,ভিয়েটনাম,বা ইণ্ডোনেছিয়া, কম্বোডিয়াৰ কথা নহয় অসমতে বিক্ৰী হয় বনৰীয়া এন্দুৰৰ মাংস ৷ এতিয়াও একাংশ লোকে এন্দুৰৰ মাংস বিক্ৰী কৰি নিজৰ পৰিয়াল পোহপাল দি আছে । একেদৰে এন্দুৰৰ মাংস কিনিবলৈ হেতা ওপৰা লগাই আহিছে ৷ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাৰ দেওবাৰৰ সপ্তাহিক বজাৰ,য'ত বৰ্তমান সময়তো এন্দুৰৰ মাংসৰ ব্যৱসায় চলে । এতিয়াও একাংশ লোকে এন্দুৰৰ মাংস বিক্ৰী কৰি নিজৰ পৰিয়াল পোহপাল দি আছে আৰু সৰহসংখ্যক লোকৰে প্ৰিয় এন্দুৰৰ এই মাংসবিধ।
নোদোকা এন্দুৰৰ মাংস পোৱা বাক্সাৰ এখন বজাৰ উল্লেখ্য যে,নব্বৈৰ দশকত দেশৰ বিভিন্ন ৰাজ্যত এন্দুৰৰ পৰা সৃষ্ট প্লেগ মহামাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল যদিও বাক্সা,তামুলপুৰ অঞ্চলত ইয়াৰ বিপৰীত প্ৰতিচ্ছবি এখনহে দেখিবলৈ পোৱা গৈছে ৷ ধাননি পথাৰ বা জংঘলৰ পৰা ধৰি অনা এন্দুৰৰ মাংস বজাৰত বিক্ৰী কৰি আহিছে একাংশ লোকে ৷ বহুদিনৰ পৰাই এই বজাৰ খনত পোৱা যায় এন্দুৰৰ মাংস ৷ একাংশ লোকৰ এন্ধবিশ্বাস যে, এন্দুৰৰ মাংস ভক্ষণ কৰিলে বিভিন্ন ৰোগৰ পৰা উপশম পোৱা যায় ৷ যাৰবাবে অঞ্চলটোৰ বহুলোকে এন্দুৰৰ মাংস খাদ্য হিচাপে গ্ৰহণ কৰি আহিছে ৷ কিন্তু পূৰ্বৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে প্লেগ নামৰ ৰোগবিধৰ সৃষ্টিৰ আঁৰত এন্দুৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷ যাৰ বাবে সাধাৰণতে এন্দুৰৰ পৰা সাৱধানে থাকিবলৈ পৰামৰ্শ দিয়া হয় ৷
লগতে চাওকঃমোডীৰ বৈদেশিক নীতিৰ যুদ্ধক্ষেত্ৰত খেজুৰজাতীয় তেল হৈ পৰিছে নতুন অস্ত্ৰ