ETV Bharat / state

ৰজনীগন্ধাৰ খেতি কৰি বিপাঙত বাক্সাৰ খেতিয়ক

author img

By

Published : Jul 1, 2020, 11:11 AM IST

লক ডাউনৰ ফলত ৰজনীগন্ধাৰ খেতি কৰি বিপাঙত পৰিছে বাক্সাৰ এগৰাকী শিক্ষিত যুৱক । জিলাখনৰ তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২নং বেটাগাঁৱৰ জিতুমনি দাস নামৰ শিক্ষিত যুৱক গৰাকীয়ে নিজেই স্বাৱলম্বী হোৱাৰ মানসৰে ৫ টকা সুতত ঋণ লৈ প্ৰায় একবিঘা মাটিত কৰিছিল ৰজনীগন্ধাৰ খেতি ।

ৰজনীগন্ধাৰ খেতি কৰি বিপাঙত বাক্সাৰ খেতিয়ক
ৰজনীগন্ধাৰ খেতি কৰি বিপাঙত বাক্সাৰ খেতিয়ক

বাক্সা,1 জুলাইঃ সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীয়ে আতংকময় পৰিৱেশ সৃষ্টি কৰাৰ লগতে লক ডাউন ২ অব্যাহত, যাৰ ফলত সমগ্ৰ ভাৰতবৰ্ষতে অৰ্থনীতিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । তাৰ সমান্তৰালকৈ ৰাজ্যৰ লগতে বিভিন্ন জিলাত বহু লোককে দুৰ্ভোগৰ সন্মুখীন হোৱাৰ উপৰিও খাদ্য সংকট কৰিছে । লক ডাউনৰ বাবে ৰাজ্যখনৰ কৃষক সকলৰ ওপৰতো পৰিছে প্ৰভাৱ । লক ডাউনৰ ফলত ৰজনীগন্ধাৰ খেতি কৰি বিপাঙত পৰিছে বাক্সাৰ এগৰাকী শিক্ষিত যুৱক । জিলাখনৰ তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২নং বেটাগাঁৱৰ জিতুমনি দাস নামৰ শিক্ষিত যুৱক গৰাকীয়ে নিজেই স্বাৱলম্বী হোৱাৰ মানসৰে ৫ টকা সুতত ঋণ লৈ প্ৰায় একবিঘা মাটিত কৰিছিল ৰজনীগন্ধাৰ খেতি ।

জিতুমনিয়ে জানিবলৈ দিয়া অনুসৰি তেওঁৰ ইতিমধ্যে ৫০ হাজাৰতকৈ অধিক টকাৰ ফুল নষ্ট হৈ গৈছে । লক ডাউনৰ আগলৈকে গুৱাহাটীৰ ফাঁচী বজাৰত ফুল সমূহ বিক্ৰী কৰি আছিল যদিও এতিয়া পুনৰ বাৰ গুৱাহাটী মহানগৰীত লক ডাউন দিয়া বাবে চিন্তিত হৈ পৰিছে জিতুমনিয়ে। ইতিমধ্যে তামুলপুৰ মহকুমা কৃষি বিষয়াই জিতুমনিক ফুল সমূহ বিক্ৰী কৰি দিয়াৰ আশ্বাস প্ৰদান কৰিছে যদিও প্ৰতিদিনে ফুল সমূহ নষ্ট হোৱা বাবে উপাইন্ত হৈ পৰিছে । সেয়ে জিতুমনিয়ে ৰজনীগোন্ধৰ ফুলসমূহ বিক্ৰী কৰি দিবলৈ আহ্বান জনাইছে ।
ৰজনীগোন্ধাৰ খেতি কৰি বিপাঙত বাক্সাৰ ২ নং বেটাগাওৰ জিতুমনি দাস

আনপিনে তামুলপুৰ মহকুমাৰ অন্তৰ্গত লতিবাৰীৰ বৰলীয়াপাৰৰ অমৰ শীলেও কৰিছে ডেৰ বিঘা মাটিত ৰজনীগন্ধা ফুলৰ খেতি । তেওঁ ইতিমধ্যে ৰজনীগন্ধা ফুলৰ খেতি কৰি লাভান্বিত হৈছে । অমৰ শীলে কয় যে, কম মাটিত তিনি বছৰলৈ অধিক উপাৰ্জন কৰিব পাৰে । সেয়ে সকলোকে ৰজনীগন্ধাৰ ফুলৰ খেতি কৰিবলৈ আহ্বান জনাইছে ।লগতে চাওকঃ কোভিড-19 সজাগতা : বিমানসেৱা প্ৰাধিকাৰী আৰ এন সিঙৰ সৈতে বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.