ETV Bharat / state

বাক্সাত পকী দলঙৰ ওপৰত বাঁহৰ সাঁকো - assam

বান বিপৰ্যয় আঁতৰাই নাই তাৰ মাজতে ৰাজ্যৰ কেইবাটাও অঞ্চলত যমৰ যাতনা ভুগিছে ৰাইজে। বাক্সাৰ নিকাচি খুৱনখাটা পথৰ দলংখন ভাগি যোৱাত যাতায়তৰ নামত যমৰ যাতনা ৰাইজৰ ৷ একাংশ লোকে বিপদজনকভাৱে পানীৰ মাজেৰে বাইক আৰু চাৰিচকীয়া বাহন পাৰ কৰিলেও একাংশই জেপৰ ধন দি সাঁকোৰ ওপৰেৰে যাতায়ত কৰি আহিছে ৷

বাক্সাত পকী দলঙৰ ওপৰত বাঁহৰ সাঁকো
author img

By

Published : Aug 4, 2019, 2:23 PM IST

বাক্সা, ৪ আগষ্টঃ বান আহিল আৰু গ'ল ৷ কিন্তু বানে তচনচ কৰি গ'ল বাক্সাৰ বহু গড়কাপ্তানি পথ ৷ জিলাখনৰ গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথসমূহ বানে বিধ্বস্ত কৰাৰ পিচত এতিয়া যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিছে ৰাইজে৷ বাট-পথৰ বিধ্বস্ত ৰূপে জীয়াতু ভোগাইছে জনতাক। উপায়ন্তৰ হৈ অৱৰ্ণনীয় পৰিস্থিতিৰে মোকাবিলা কৰিছে ৰাইজে।

বাক্সাত পকী দলঙৰ ওপৰত বাঁহৰ সাঁকো

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ সূৱণখাটাৰ পকী দলঙৰ ওপৰত এখন বাঁহৰ সাঁকোৰে বিপদজনক যাত্ৰা ৰাইজৰ৷ ভূটানৰ পৰা এৰি দিয়া পানীয়ে সীমান্তৰ সূৱণখাটা- নিকাছী সংযোগী পথৰ দিৰিং নদীৰ পকী দলংখন চিঙি পেলোৱাত এতিয়া যাতায়তৰ বাবে যমৰ যাতনা ভুগিছে ৰাইজে ৷ ইপিনে পকী দলংখনৰ মাজত বাঁহৰ এখন সাঁকো নিৰ্মাণ কৰি যাতায়তৰ সুবিধা কৰি দিলেও বিনিময়ত ভৰিব লাগে জেপৰ ধন ৷ যাৰ বাবে একাংশ লোকে বিপদজনকভাৱে পানীৰ মাজেৰে বাইক আৰু চাৰিচকীয়া বাহন পাৰ কৰিলেও একাংশই জেপৰ ধন দি দলঙৰ ওপৰেৰে যাতায়ত কৰি আহিছে ৷ বিভাগীয় কৰ্তৃপক্ষক অতিশীঘ্ৰে দলংখন মেৰামতি কৰাৰ বাবে আহ্বান জনাইছে ভুক্তভোগী ৰাইজে৷

Intro:নিকাচি খুৱনখাটা পথৰ দলংখন সোনকালে মেৰামতি কৰিবলৈ চৰকাৰক আহ্বানঃBody:পকী দলংৰ ওপৰত বাঁহৰ সাঁকো
বানত বিধ্বস্ত বাক্সাৰ গড়কাপ্তানি পথ
যাতায়তৰ নামত যমৰ যাতনা
বাক্সা, ৪ আগষ্টঃ
বান আহিল আৰু গ'ল ৷ কিন্তু বানে তচনচ কৰি গ'ল বাক্সা জিলাৰ বহু গড়কাপ্তানি পথ ৷ জিলাখনৰ গূৰুত্বপূৰ্ণ গড়কাপ্তানি পথসমুহ বানে বিধ্বস্ত কৰাৰ পিচত এতিয়া যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভূগিছে ৰাইজে ৷
এই দৃশ্য বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সূৱণখাটাৰ ৷ পকী দলংৰ ওপৰত বাঁহৰ সাঁকো ৷ সাঁকোৰ ওপৰেৰে এক বিপদজনক যাত্ৰা ৷ তাকো সাঁকোৰ ওপৰেৰে গলে ভৰিব লাগে জেপৰ ধন ৷ মুঠৰ ওপৰত যাতায়তৰ নামত নৰক যন্ত্ৰনা ৷ ভূটানৰ পৰা এৰি দিয়া পানীয়ে সীমান্তৰ সূৱণখাটা- নিকাছী সংযোগী পথৰ দিৰিং নদীৰ পকী দলংখন চিঙি পেলোৱাত এতিয়া যাতায়তৰ বাবে যমৰ যাতনা ভূগিছে ৰাইজে ৷ জিলাখনৰ সদৰ মুছলপুৰ সংযোগী একমাত্ৰ পথটোৰ ওপৰত থকা দলংখন এনেদৰে চিঙি যোৱাত বিপদজনকভাৱে নদীৰ মাজেৰে যাতায়ত কৰিবলগীয়া হৈছে ৷ স্থানীয় ৰাইজে পকী দলংখনৰ মাজত বাঁহৰ এখন দলং নিৰ্মাণ কৰি যাতায়তৰ সুবিধা কৰি দিলেও বিনিময়ত ভৰিব লাগে জেপৰ ধন ৷ একাংশলোকে বিপদজনকভাৱে পানীৰ মাজেৰে বাইক আৰু চাৰিচকীয়া বাহন পাৰ কৰিলেও একাংশই জেপৰ ধন দি দলংৰ ওপৰেৰে যাতায়ত কৰি আহিছে ৷ দৈনিক সহস্ৰাধিক লোকে যাতায়ত কৰা পথটোৰ দলংখন এনেদৰে বানে চিঙি পেলোৱাত এতিয়া যাতায়তৰ নামত যাতনা ভোগ কৰিবলগীয়া হৈছে ৷
বাইট----স্থানীয় ৰাইজঃ
বাক্সাৰ পৰা দিলীপ বড়ো ৷ Conclusion:খুৱনখাটা নিকাচি পথৰ মৰাপাগলদিয়া নৈৰ ওপৰত থকা দলংখন ভূটানৰ পৰা অহা পানীৰ সোতত একাংশ খহি যায় ৷ যাৰ ফলত স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে ৷ চৰকাৰে অতি সোনকালে দলংখন মেৰামতি কৰি দিয়াৰ বাবে আহ্বান জনায় ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.