ETV Bharat / state

তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে বাক্সা জিলা প্ৰশাসন

ৰাজ্যৰ 12 খনকৈ জিলাৰ মুঠ 40 টা সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ প্ৰতিখন জিলাৰ সমান্তৰালকৈ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈ উঠিছে বাক্সা জিলা প্ৰশাসনো ৷ জিলাখনৰ মুঠ তিনিটাকৈ সমষ্টিত অনুষ্ঠিত হ'বলগীয়া ভোট গ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈছে নিৰ্বাচনী বিষয়া তথা কৰ্মচাৰী সকল ৷ তামুলপুৰ, বৰমা আৰু চাপাগুৰি সমষ্টিত অনুষ্ঠিত হ'বলগীয়া ভোট গ্ৰহণ হ'ব মুঠ 788 টা ভোট গ্ৰহণ কেন্দ্ৰত ৷

তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে বাক্সা জিলা প্ৰশাসন
তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে বাক্সা জিলা প্ৰশাসন
author img

By

Published : Apr 5, 2021, 2:19 PM IST

Updated : Apr 5, 2021, 8:13 PM IST

বাক্সা,5 এপ্ৰিল: মঙলবাৰে ৰাজ্যৰ 12 খনকৈ জিলাৰ মুঠ 40 টা সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ প্ৰতিখন জিলাৰ সমান্তৰালকৈ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈ উঠিছে বাক্সা জিলা প্ৰশাসনো ৷ জিলাখনৰ মুঠ তিনিটাকৈ সমষ্টিত অনুষ্ঠিত হ'বলগীয়া ভোট গ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈছে নিৰ্বাচনী বিষয়া তথা কৰ্মচাৰী সকল ৷

তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে বাক্সা জিলা প্ৰশাসন

তামুলপুৰ, বৰমা আৰু চাপাগুৰি সমষ্টিত অনুষ্ঠিত হ'বলগীয়া ভোট গ্ৰহণ হ'ব মুঠ 788 টা ভোট গ্ৰহণ কেন্দ্ৰত ৷ ইয়াৰে 113 টা ভোট গ্ৰহন কেন্দ্ৰ স্পৰ্শকাতৰ বুলি প্ৰকাশ কৰিছে নিৰ্বাচনী বিষয়া গৰাকীয়ে ৷ তাৰোপৰি সমষ্টিটোত 25 টা মহিলাৰ দ্বাৰা পৰিচালিত ভোট গ্ৰহণ কেন্দ্ৰ আছে ৷

ভোটকেন্দ্ৰ সমূহত নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে জিলাখনলৈ অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে বুলিও প্ৰকাশ কৰে নিৰ্বাচনী বিষয়া ৰঞ্জন শৰ্মাই ৷ উল্লেখ্য যে, জিলাখনৰ 5,33,594 গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব মুঠ 22 গৰাকী প্ৰাৰ্থীৰ ৷

লগতে পঢ়ক: বৰপেটাৰ জিলা নিৰ্বাচনী বিষয়া শশী কুমাৰ ডেকাক নিলম্বন

Last Updated : Apr 5, 2021, 8:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.