বৰমা, 8 জুনঃ লক ডাউনৰ সময়চোৱাত ৰাজ্য চৰকাৰে ৰেচন কাৰ্ড নথকা লোকসকলক সহায় কৰাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে যদিও বাক্সাত এই আঁচনি ৰূপায়ণত সংঘটিত হৈছে ব্যাপক অনিয়ম ৷ যাৰ বাবে বঞ্চিত লোকসকল ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে ৷
অভিযোগ অনুসৰি বাগানপাৰা পৰিষদীয় সমষ্টিৰ নৱস্তি প্ৰাথমিক বিপিএফৰ সদস্য পূষন বাহাদুৰ চেত্ৰীয়ে সম্পূৰ্ণ মইমতালিৰে একাংশ লোকক বঞ্চিত কৰি হিতাধিকাৰীৰ তালিকা দাখিল কৰিছিল ৷ লগতে গাঁওবুঢ়া লালমোহন বড়োৰ অমনোযোগিতাৰ বাবে গাঁওবাসী বঞ্চিত হৈছে ৷ আনহাতে বিষয়টো স্থানীয় প্ৰাক্তন এম চি এল এ ফলীন্দ্ৰ বসুমতাৰীক অৱগত কৰিবলৈ যাওঁতে প্ৰাক্তন এম চি এল এ গৰাকীয়ে ৰাইজক দুৰ্ব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ বান পানীয়ে জুৰুলা কৰিছে বৰপেটাৰ বহু খেতিয়কক