ETV Bharat / state

বৰমাত প্ৰয়াত ড° দেৱধৰ শৰ্মাৰ সোঁৱৰণত গ্ৰন্থ উন্মোচন

বৰমা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰয়াত ড° দেৱধৰ শৰ্মাৰ সোঁৱৰণত গ্ৰন্থ উন্মোচন। 'দৰদ' নামৰ গ্ৰন্থখন উন্মোচন কৰে একেখন মহাবিদ্যালয়ৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° সুনীল চন্দ্ৰ শৰ্মাই।

author img

By

Published : Oct 9, 2020, 4:18 PM IST

বৰমাত প্ৰয়াত ড° দেৱধৰ শৰ্মাৰ সোঁৱৰণত গ্ৰন্থ উন্মোচন
বৰমাত প্ৰয়াত ড° দেৱধৰ শৰ্মাৰ সোঁৱৰণত গ্ৰন্থ উন্মোচন

বৰমা,৯ অক্টোবৰ: বাক্সা জিলাৰ বৰমা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰয়াত ড° দেৱধৰ শৰ্মাৰ স্মৃতিত এখনি গ্ৰন্থ উন্মোচন কৰা হয়। বৰমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° সুনীল চন্দ্ৰ শৰ্মাই উন্মোচন কৰে 'দৰদ' নামৰ এই গ্ৰন্থখন। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত পুৱা বন্তি প্ৰজ্বলন কৰে বৰমা মহাবিদ্যালয়ৰ অধ্যাপক ডিম্বেশ্বৰ ডেকাই,মাল্যাৰ্পণ কৰে সহধৰ্মিনী হীৰা দেবী ভট্টাচাৰ্য্য,পুষ্পাঞ্জলি অৰ্পণ কৰে বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষকে৷ অনুষ্ঠানটোত বৰমাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ গ্ৰন্থ উন্মোচনী সভাখন পৰিচালনা কৰে স্মাৰক গ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি ড° ফনীধৰ তালুকদাৰে৷

লগতে পঢ়ক:ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জনসংখ্যা নিয়ন্ত্ৰণ অভিযান আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.