ETV Bharat / state

গাহৰি পালনেৰে স্বাৱলম্বী সমীন স্বৰ্গীয়াৰী - Baksa man pork farm

গাহৰি পালনেৰে স্বাৱলম্বীতাৰ বাট দেখিছে বাক্সা জিলাৰ সমীন স্বৰ্গীয়াৰী নামৰ যুৱকজনে ৷ সমীন স্বৰ্গীয়াৰীয়ে তেজপুৰ আৰু গুৱাহাটীৰ ৰাণীস্থিত ৰিচাৰ্ছ চেণ্টাৰত গাহৰি পালনৰ প্ৰশিক্ষণ লৈ আহিছে ৷

As_baksa-man-pork-farm_vis_as10029
গাহৰি পালনেৰে স্বাৱলম্বী সমীন স্বৰ্গীয়াৰী
author img

By

Published : Jan 27, 2021, 10:10 PM IST

বাক্সা,27 জানুৱাৰী: গাহৰি পালনেৰে স্বাৱলম্বীতাৰ বাট দেখিছে বাক্সা জিলাৰ সমীন স্বৰ্গীয়াৰী নামৰ যুৱকজনে ৷ ২০১৯ বৰ্ষৰ পৰা গাহৰি পালন আৰম্ভ কৰা সমীন স্বৰ্গীয়াৰীয়ে প্ৰথমতে ‘মা দমন্তি গাহৰি ফাৰ্ম’ নাম দি স্থানীয় গাহৰি ফাৰ্ম আৰম্ভ কৰিছিল ৷ কিন্তু ফাৰ্মখনৰ উৎপাদন কম হোৱাৰ বাবে পৰৱৰ্তী সময়ত তেখেতে পালনৰ বাবে উন্নত জাতৰ গাহৰি আনে ৷ এতিয়া ফাৰ্মখনত প্ৰায় ৭৫ টা গাহৰি আছে আৰু ৫৩ টা পোৱালি বিক্ৰীৰ বাবে ৰখা হৈছে ৷

গাহৰি পালনেৰে স্বাৱলম্বী সমীন স্বৰ্গীয়াৰী

উল্লেখ্য যে, গাহৰি পোৱালিসমূহ নিজ ঘৰৰ পৰা বিক্ৰী কৰাৰ লগতে স্থানীয় চিমলা বজাৰতো বিক্ৰীৰ কাৰণে নিয়ে বুলি জানিবলৈ দিয়ে সমীন স্বৰ্গীয়াৰীয়ে ৷ সমীন স্বৰ্গীয়াৰীয়ে তেজপুৰ আৰু গুৱাহাটীৰ ৰাণীস্থিত ৰিচাৰ্ছ চেণ্টাৰত গাহৰি পালনৰ প্ৰশিক্ষণ লৈ আহিছে ৷ বৰ্তমান এই ফাৰ্ম খনৰ পৰা বছৰি 3ৰ পৰা 4 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে সমীন স্বৰ্গীয়াৰীয়ে ৷

লগতে পঢ়ক-কম সম্পত্তিৰে কোন এই দহ জনপ্ৰতিনিধি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.