ETV Bharat / state

বাক্সাত বৰ্তমানলৈ প্ৰায় ৩৩ হাজাৰ লোকক ক’ভিডৰ প্ৰতিষেধক প্ৰদান - barama

ক'ভিড-19 পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সাজু বাক্সা জিলাৰ স্বাস্থ্য বিভাগ ৷ বৰ্তমানলৈ জিলাখনত ৩৩ হাজাৰ ব্যক্তিক ক‘ভিডৰ টিকাকৰণ প্ৰদান ৷ সাজু ১৮২ খন বিছনা ক'ভিড ৰোগীৰ বাবে সাজু কৰা হৈছে চিকিৎসালয়ত ৷ জিলাখনত বৰ্তমান সক্ৰিয় ক'ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৪৭ গৰাকী ৷

ক’ভিড-19 ক ৰুধিবলৈ সাজু বাক্সা জিলাৰ স্বাস্থ্য বিভাগ

author img

By

Published : Apr 23, 2021, 8:35 AM IST

বাক্সা, ২২ এপ্ৰিল : মহামাৰী ক'ৰণাৰ দ্বিতীয়টো ঢৌৰ বাবে দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাতো এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে ৷ এনে পৰিস্থিতিত ক'ভিড-১৯ ৰ সৈতে যুঁজিবলৈ সম্পূৰ্ণৰূপে সাজু বুলি জানিবলৈ দিয়ে বাক্সা জিলাৰ স্বাস্থ্য বিভাগে ৷ বৃহস্পতিবাৰে জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মবিদুৰ ৰহমানে সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে শেহতীয়াকৈ উদ্ভৱ হোৱা ক'ৰণাৰ বাবে বৰ্তমানলৈ জিলাখনত ১৭১৬১ টা ৰেপিড টেষ্ট আৰু ১৬২ টা আৰটি-পিচিআৰ টেষ্ট কৰা হৈছে ৷ আনহাতে, জিলাখনৰ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত সংলগ্ন ক'ভিড চেন্টাৰত ৪২ খন বিছনা ক'ভিড ৰোগীৰ বাবে সম্পূৰ্ণ সাজু কৰা হৈছে ৷

ইয়াৰোপৰি জিলাখনৰ বৰমা, নাগ্ৰীজুলি আৰু শালবাৰীত থকা আদৰ্শ চিকিৎসালয় কেইখনতো ক'ভিড ৰোগীৰ বাবে বিছনা সাজু কৰি তোলা হৈছে বুলি জানিবলৈ দিয়ে ডাঃ ৰহমানে । ইয়াকে লৈ জিলাখনত ক'ভিড ৰোগীৰ বাবে সাজু থকা মুঠ বিছনাৰ সংখ্যা হৈছে ১৮২ খন ৷ বৰ্তমানলৈ জিলাখনত প্ৰায় ৩৩ হাজাৰ লোকক ক’ভিড টিকাকৰণ কৰা হৈছে বুলিও বিষয়া গৰাকীয়ে উল্লেখ কৰে ৷ জিলা স্বাস্থ্য বিভাগৰ হাতত বৰ্তমান ৩২২০ ড'জ ক’ভিডশ্লিল্ড আৰু ৪৭২০ ড'জ কভেক্সিন মজুত আছে বুলি মন্তব্য কৰে যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে । আনহাতে, বি টাইপৰ ডাঙৰ অক্সিজেন চিলিণ্ডাৰ ৫০ টা আৰু ডিএলচি চিলিণ্ডাৰ ৬ টা জিলা স্বাস্থ্য বিভাগৰ হাতত মজুত থকা বুলি ৰহমানে উল্লেখ কৰে ৷

ক’ভিড-19 ক ৰুধিবলৈ সাজু বাক্সা জিলাৰ স্বাস্থ্য বিভাগ

উল্লেখ্যযোগ্য যে, জিলাখনৰ একমাত্ৰ অসামৰিক চিকিৎসালয়খনত বিগত বৰ্ষতে সংস্থাপন কৰা ৫ খন বিচনাযুক্ত আইচিইউ ব্যৱস্থা এতিয়াও সাজু হৈ উঠা নাই বুলি উল্লেখ কৰি অহা এক-দুই সপ্তাহৰ ভিতৰত আই চি ইউৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলিও তেওঁ সাংবাদিকক জানিবলৈ দিয়ে ৷ বিষয়াগৰাকীয়ে জিলা স্বাস্থ্য বিভাগৰ হাতত পৰ্যাপ্ত জৰুৰী সেৱাৰ বাহন মজুত থকাৰ লগতে চিকিৎসক, চিকিৎসাকৰ্মী, এম পি ডব্লিউ, আশাকৰ্মী, নাৰ্ছ আদি জৰুৰীকালীন পৰিস্থিতিৰ বাবে সম্পূৰ্ণ সাজু হৈ থকা বুলি জানিবলৈ দিয়ে ।

আনহাতে, বাক্সা জিলাৰ স্বাস্থ্য বিভাগে জনোৱা তথ্য অনুসৰি জিলাখনত বৰ্তমান সক্ৰিয় ক'ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৪৭ গৰাকী ৷ বৃহস্পতিবাৰে জিলাখনত নতুনকৈ ৯ গৰাকী ব্যক্তি ক'ভিডত আক্ৰান্ত হয় ৷ আনহাতে আক্ৰান্ত হোৱা ৮ গৰাকীয়ে আৰোগ্য হোৱাৰ পাছত ঘৰলৈ যাব দিয়া হয় বুলি বিভাগীয় সূত্ৰই জানিব দিয়ে ৷

লগতে পঢ়ক : ক'ভিড পৰীক্ষাৰ ভয়ত শিলচৰ বিমানবন্দৰৰ পৰা পলায়ন ৩০০ যাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.