বৰমা ২৯ অক্টোৱৰঃ দেশৰ পুলিচ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি বাক্সা জিলাৰ চৰাইমাৰীস্থ আই আৰ বি এন আৰু বাক্সা আৰক্ষীৰ যুটীয়া উদ্যোগত বৃহস্পতিবাৰে জিলা সদৰ মুছলপুৰত পুলিচ ফ্লে’গ ডে’ ফুটবল অনুষ্ঠিত হয় ৷ এই উদ্দেশ্যে খেলৰ আগমূহুৰ্তত আৰক্ষীৰ সেৱাত কৰ্মৰত হৈ দেশ তথা জাতিৰ সেৱাত প্ৰাণ আহুতি দিয়া বাক্সা জিলাৰ আঠটা শ্বহীদ পৰিয়ালৰ লোকক আৰক্ষীৰ তৰফৰ পৰা গামোচা আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷
বাক্সা জিলাৰ উপ-আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি কলিতাই আঁত ধৰা উক্ত সম্বৰ্দ্ধনা অনুষ্ঠাত ২৪ নং বেটেলিয়ানৰ কামাণ্ডিং অফিচাৰ প্ৰশান্ত সাগৰ চাংমাই , বাক্সা জিলা অতিৰিক্ত উপায়ুক্ত সাধন সৰকাৰ আৰু সেনাবাহিনীৰ নাইন জাঠ ৰেজিমেণ্টৰ লেফটেনেণ্ট কৰ্ণেল আনন্দ সিং বিচিতকে ধৰি কেইবাগৰাকী সেনা, আৰক্ষী আৰু প্ৰশাসনিক উচ্চ পদস্থ বিষয়া উপস্থিত থাকে ৷
অনুষ্ঠানটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বাক্সা জিলা আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মনে ৷ আনহাতে পুলিচ ফ্লেগ ডে’ ৰ লগত সংগতি ৰাখি আজি চৰাইমাৰী আই আৰ বি এন আৰু ডুমুনী স্পৰ্ট ক্লাৱৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয় ৷ তীব্ৰ উত্তেজনা পূৰ্ণ উক্ত ফুটবল খেলখনত ডুমুনী স্পৰ্ট ক্লাৱে ২৪ নং আই আৰ বি এনক, দলক ৩-০ ,গলত পৰাজিত কৰে ৷
লগতে পঢ়কঃ দিনৰ 1 বজালৈ এটা চৰকাৰী কাৰ্যালয়ত নাই এজনো কৰ্মচাৰী