ETV Bharat / state

মুছলপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - btc election2020

বিটিচিবাসীক সৰ্বানন্দ সোণোৱালে আশ্বাস প্ৰদান কৰি কয় যে, বিজেপি দলে পৰিষদ গঠন কৰিলে বিটিচিৰ চাৰিখন জিলাকে পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলা হ‘ব আৰু বিটিচি অঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰিব বিজেপিৰ পৰিষদে ৷

baksa-election-meeting
মুছলপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
author img

By

Published : Dec 5, 2020, 9:41 PM IST

বাক্সা, ৫ ডিচেম্বৰঃ ৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব বিটিচি নিৰ্বাচনৰ ভোট গ্ৰহণ ৷ শনিবাৰে বিয়লি চাৰি বজাত অন্ত পৰিল বিটিচিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ শনিবাৰে মুছলপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিপিএফ দলক তীব্ৰ সমালোচনা কৰি কয় যে, " বিগত পোন্ধৰ বছৰে বিপিএফ দলে অঞ্চলটোৰ উন্নয়নত ব্যৰ্থ হৈছে ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰদান কৰা ধন ৰূপায়ন কৰিব পৰা নাই বিপিএফে ৷" তদুপৰি তৃণমুল পৰ্যায়ৰ নেতাকৰ্মী সকল দুৰ্নীতিত লিপ্ত হৈছে বুলিও মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মুছলপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

লগতে সৰ্বানন্দ সোণোৱালে আশ্বাস প্ৰদান কৰি কয় যে, বিজেপি দলে পৰিষদ গঠন কৰিলে বিটিচিৰ চাৰিখন জিলাকে পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলা হ‘ব আৰু বিটিচি অঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰিব বিজেপিৰ পৰিষদে ৷

উল্লেখ্য যে, শনিবাৰৰ নিৰ্বাচনী সভাত বাক্সা জিলাৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী কনষ্টেনটাইন তিৰ্কীৰ হৈ নিৰ্বাচনীপ্ৰচাৰ চলায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
লগতে পঢ়ক: বিটিচিত এইবাৰ গণ সুৰক্ষা পাৰ্টীৰ চৰকাৰ হ’ব : নৱ শৰণীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.