ETV Bharat / state

বাক্সাত নিৰ্বাচনকেন্দ্ৰিক হিংসাঃ গুৰুতৰভাৱে আহত গাঁওবুঢ়া - বাক্সা

লোকসভা নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলে ৰণনীতি প্ৰস্তুত কৰি থকাৰ সময়তে বাক্সাত সংঘটিত হৈছে নিৰ্বাচনী হিংসা ৷

বাক্সাত নিৰ্বাচনকেন্দ্ৰীক হিংসা
author img

By

Published : Mar 26, 2019, 12:38 AM IST

বাক্সা, 25 মাৰ্চঃ বাক্সাত নিৰ্বাচন কেন্দ্ৰিক হিংসাত পতিত হোৱাৰ পাচতো আৰক্ষী প্ৰশাসনে বিশেষ গুৰুত্ব নিদিয়াত শংকিত হৈ পৰিছে এটি পৰিয়াল ৷ উল্লেখ্য যে, লোকসভা নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলে ৰণনীতি প্ৰস্তুত কৰি থকাৰ সময়তে বাক্সাত সংঘটিত হৈছিল নিৰ্বাচনী হিংসা ৷ দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছিল গাঁওবুঢ়া ৰমেশ চন্দ্ৰ মুছাহাৰী ৷ সভা শেষ কৰি ঘৰলৈ আহি থকাৰ সময়তে ৰাজপথত তেওঁক পিছফালৰ পৰা দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণকৰে আৰু লাঠি, ভুকুৰে মুখমণ্ডলত আক্ৰমণকৰে ৷ পাছত তেজেৰে তুমুৰলি হৈ পৰি থকা গাঁওবুঢ়া গৰাকীক এগৰাকী বাটৰুৱাই প্ৰত্যক্ষ কৰি ঘৰত খবৰ দিয়ে ৷ পিচত ঘটনাস্থলীত পৰিয়ালৰ লোক উপস্থিত হৈ চিকিৎসালয়ত ভৰ্তি কৰে ৷ পিছদিনা অস্ত্ৰোপচাৰ কৰি গাঁওবুঢ়াজনক ঘৰলৈ আনি ২২ মাৰ্চত বৰবৰী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এটা গোচৰ দিয়ে ৷ আৰক্ষীয়ে গোচৰটো সম্পৰ্কত এজন ব্যক্তিক আটক কৰি পিছ মুহূৰ্ততে মুকলি কৰি দিয়াত ক্ষোভত ফাটি পৰিছে পৰিয়ালটো ৷ যাৰ বাবে শংকিত পৰিয়ালটোৱে উচিত ন্যায় বিচাৰিছে আৰক্ষী প্ৰশাসনৰ পৰা ৷

Intro:আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বাক্সাত আৰম্ভ হ 'ল প্ৰাক নিৰ্বাচনী হিংসা ৷ নিশাৰ আন্ধাৰৰ সুযোগত দুৰ্বৃত্তৰ আক্ৰমনত আহত হ 'ল চৰকাৰী গাঁওবুঢ়া ৷Body:লোকসভা নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলে ৰননীতি প্ৰস্তুত কৰি থকাৰ সময়তে বাক্সাত সংঘটিত হল প্ৰাক নিৰ্বাচনী হিংসা ৷ দূৰ্বৃত্তৰ আক্ৰমনত আহত চৰকাৰী গাওঁবুঢ়া ৷ বিপিএফৰ সভাৰ পৰা ঘৰলৈ উভতাৰ পথত সংঘটিত হ 'ল এই ঘটনা ৷ যোৱা বিশ মাৰ্চৰ সন্ধিয়া বাক্সাৰ বগুলামাৰীত অনুষ্ঠিত হৈছিল বিপিএফ দলৰ এখন নিৰ্বাচনী সভা ৷ অন্যান্যসকলৰ লগতে সভালৈ আহিছিল বগুলামাৰী গাঁওৰ গাঁওবুঢ়া ৰমেশ চন্দ্ৰ মুছাহাৰী ৷ সভা শেষ কৰি ঘৰলৈ আহি থকাৰ সময়তে ৰাজপথত তেওক পিছফালৰ পৰা দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমন কৰে আৰু লাঠি, ভুকুৰে মুখমণ্ডলত আক্ৰমন কৰে ৷ পাছত তেজেৰে তুমুৰলি হৈ পৰি থকা গাওঁবুঢ়া গৰাকীক এগৰাকী বাটৰুৱাই প্ৰত্যক্ষ কৰি ঘৰত খবৰ দিয়ে ৷ পিচত ঘটনাস্থলীত পৰিয়ালৰ লোক উপস্থিত হৈ চিকিৎসালয়ত ভৰ্তি কৰে ৷ পিছদিনা অস্ত্ৰোপচাৰ কৰি গাওবুঢ়াজনক ঘৰলৈ আনি ২২ মাৰ্চত বৰবৰী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এটা গোচৰ দিয়ে ৷ আৰক্ষীয়ে গোচৰটো সম্পৰ্কত এজন ব্যক্তিক আটক কৰি পিছমুহুৰ্ততে মুকলি কৰি দিয়াত ক্ষোভত ফাটি পৰিছে পৰিয়ালটো ৷Conclusion:এজন চৰকাৰী গাঁওবুঢ়া নিৰ্বাচনকেন্দ্ৰিক হিংসাত পতিত হোৱাত পিচতো আৰক্ষী প্ৰশাসনে বিশেষ গুৰুত্ব নিদিয়াত শংকিত হৈ পৰিছে পৰিয়ালটো ৷
বাইট— গাঁওবুঢ়া/ আত্মীয় ৷
ছাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.