ETV Bharat / state

ইতিহাস নজনা সৰ্বানন্দ-হিমন্তই এদিন নিৰ্বাচন খেলিবলৈ অসমত সমষ্টিয়ে নাপাব: অজিত কুমাৰ ভূঞা

বাক্সা জিলাৰ বৰমা সমষ্টিৰ অন্তৰ্গত নমাটি-কদমতল চক দূৰ্গা পূজা খলাত নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ৰ বিৰুদ্ধে গণসমাৱেশ ৷

Baksa Caa protest
'কা'ৰ বিৰুদ্ধে গণসমাৱেশ
author img

By

Published : Feb 24, 2020, 12:00 AM IST

বৰমা,২৩ ফেব্ৰুৱাৰী: বদন বৰফুকনৰ ইতিহাস নজনা, ৰোম সাম্ৰাজ্যৰ ইতিহাস নজনা সৰ্বানন্দ-হিমন্তই এদিন নিৰ্বাচন খেলিবলৈ অসমত সমষ্টিয়ে নাপাব ৷ বাক্সা জিলাৰ বৰমা সমষ্টিৰ অন্তৰ্গত নমাটি-কদমতল চক দূৰ্গা পূজা খলাত দেওবাৰে অনুষ্ঠিত নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বিৰোধী গণসমাৱেশত ভাষণ দি এইদৰে কয় বিশিষ্ট সাংবাদিক-বুদ্ধিজীৱি অজিত কুমাৰ ভূঞাই ৷

'কা' বিৰোধী প্ৰতিবাদত অংশ গ্ৰহণ কৰি অজিৎ কুমাৰ ভূঞাই কয়, যি নেতাই নিজৰ গাডীৰ বাবে জনগণক প্ৰতাৰণা কৰিব পাৰে তেনে নেতাই কেতিয়াও সমাজৰ সেৱা কৰিব নোৱাৰে ৷ তেওঁলোক চকু থাকিও অন্ধ ৷ অসমবাসীয়ে কৰা গণতান্ত্ৰিক আন্দোলনে সমগ্ৰ অসমৰ দৃষ্টি আকৰ্ষণ কৰিছে , কিন্তু নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, সৰ্বানন্দ-হিমন্ত আদি ভ্ৰষ্টাচাৰী নেতাইহে দেখা নাপায় ৷ অসমীয়াই এদিন বিদেশী খেদিবলৈ আন্দোলন কৰিছিল, আজি বিদেশী নানিবলৈ আন্দোলন কৰিবলৈ বাধ্য হৈছে এয়া অসমীয়াৰ বাবে ডাঙৰ দূৰ্ভাগ্য ৷ যিয়ে মহাত্মা গান্ধীক হত্যা কৰা লোকক ভাল স্বীকৃতি দিয়ে, তেনে লোকে জনগণৰ হিত সাধিব নোৱাৰে ৷ আমি বিদেশী মুক্ত কৰিবলৈ বিজেপিক ভোট দিছিলো, কিন্তু তেওঁলোকে আমাক প্ৰতাৰণা কৰি হিন্দু বাংলাদেশী আনিব বিচাৰিছে ৷ একৈশৰ নিৰ্বাচনত বিজেপিক পুলিয়ে পোখাই উভালি পেলালেহে অসম ৰক্ষা পৰিব ৷ বদন বৰফুকনৰ ইতিহাস নজনা, ৰোম সাম্ৰাজ্যৰ ইতিহাস নজনা সৰ্বানন্দ-হিমন্তই এদিন নিৰ্বাচন খেলিবলৈ অসমত সমষ্টিয়ে নাপাব ৷

প্ৰাক্তন ছাত্ৰনেতা শংকৰ কুমাৰ দাস আৰু কন্ঠ শিল্পী হেমন্ত তালুকদাৰে আঁত ধৰা সভাখনত ভাষণ দি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই কয় যে, শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে চলা কা বিৰোধী আন্দোলনত চৰকাৰে দমননীতি অৱলম্বন কৰিছে ৷ জাতিটোক ভালপোৱা মানুহবোৰে কা বিৰোধী সংগ্ৰাম কৰিছে, কিন্তু বিজেপিয়ে হিন্দু মুছলমানৰ মাজত এখন দেৱাল সৃষ্টি কৰি ৰাজনীতি কৰিব বিচাৰিছে ৷ ভাষণ প্ৰসংগত ছাত্ৰ নেতা গৰাকীয়ে 'কা' বলৱৎ হলে এক কোটি তেৰ লাখ মানুহ বাংলাদেশৰ পৰা ভাৰতলৈ প্ৰৱৰ্জিত হ'ব বুলি কৈ ৭১ৰ পিচৰ এজনো বিদেশীৰ বোজা লোৱা নহব বুলি কয় ৷

নমাটি-কদমতলত 'কা' বিৰোধী বিশাল গণসমাৱেশ

গণসমাবেশখনত অজয় ফুকন, বাবু বৰুৱা, চন্দন কাকতি, ৰেকিবুল আদিয়ে বক্তৱ্য আৰু গীত পৰিৱেশনৰ লগতে বাঁওপন্থী নেতা কৰুণা কলিতা, আছু নেতা গুণজ্যোতি পাঠক, যুৱনেতা নিৰংকুশ নাথ আদিয়ে বক্তৱ্য দিয়াৰ উপৰি বামুণবড়ী-ভেল্লা মহিলা সমিতিয়ে নাম পৰিৱেশন আৰু মুকুল তালুকদাৰে বিপ্লৱী গীত পৰিৱেশন কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.