ETV Bharat / state

বাক্সাত কিশোৰৰ আত্মহত্যা - student sucide news

বাক্সাত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক ৰহস্যজনক আত্মহত্যাৰ ঘটনা ৷ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় এগৰাকী ১৫ বছৰীয়া কিশোৰৰ মৃতদেহ ৷ কিশোৰজন অমৰাবতী (লামিদাৰা) গাঁৱৰ অবিনাশ কলিতা ৷

বাক্সাত কিশোৰৰ আত্মহত্যা
বাক্সাত কিশোৰৰ আত্মহত্যা
author img

By

Published : Jun 18, 2021, 10:52 PM IST

বাক্সা, ১৮ জুন : বাক্সাৰ বৰিমাখা খুতিপথাৰত সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় এগৰাকী ১৫ বছৰীয়া কিশোৰৰ মৃতদেহ ৷ মৃত কিশোৰজন মুছলপুৰৰ সমীপৱৰ্তী অমৰাবতী (লামিদাৰা) গাঁৱৰ অবিনাশ কলিতা বুলি জানিব পৰা গৈছে ৷ বৰ্তমানলৈকে কিশোৰজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷ মৃত কিশোৰজন নৱম শ্ৰেণীৰ ছাত্ৰ আছিল ৷ কিশোৰজনে তিনি বছৰ ধৰি নিজ পৰিয়ালৰ পৰা আঁতৰি আহি এজন শিক্ষকৰ বাসগৃহত আছিল ৷

বাক্সাত কিশোৰৰ আত্মহত্যা

প্ৰাপ্ত খবৰ অনুসৰি, মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত ৰাজীৱ বৰ্মন নামৰ এজন শিক্ষকৰ বাসগৃহত দুবছৰ ধৰি আছিল কিশোৰজন ৷ কিশোৰ জনক শিক্ষকজনে ৰাখি পঢ়াইছিল ৷ প্ৰায় তিনি বছৰ ধৰি থকা ছাত্ৰজনে শিক্ষক জনৰ ঘৰত ঘৰুৱা কিছু কাম কৰাৰ লগতে পঢ়া-শুনা কৰিছিল ৷ শিক্ষক জনে বহু মৰমত ৰাখিছিল ছাত্ৰ অবিনাশ কলিতাক ৷ কিন্তু বৃহস্পতিবাৰে ছাত্ৰজন নিখোজ হৈ থকাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰে আৰু এডাল গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে কিশোৰজনক ৷ শিক্ষকজনে প্ৰকাশ কৰা অনুসৰি, কোনো সমস্যাত নাছিল ছাত্ৰজন, প্ৰয়োজনীয় সকলো সুবিধাই দিয়া হৈছিল ছাত্ৰজনক ৷

ইপিনে, স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি আলহীৰ নিচিনাকৈ মাজে-সময়ে নিজ ঘৰলৈ ফুৰিবলৈ গৈছিল অবিনাশ ৷ বৰ্তমানলৈকে মৃত্যুৰ কাৰণ মাতৃয়েও নাজানে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

আনহাতে, স্থানীয় ৰাইজে বৰবৰী আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় বৰবৰী আৰক্ষী ৷ বৰবৰী আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

অন্য এক খবৰৰ বাবে: ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.