ETV Bharat / state

আদিবাসী সমাজৰ ৰোষত ইউ টিউবাৰ মেৰী হাছদা - ধৰ্মীয় দেৱতা মাৰং বুৰুক

চাওতাল জনগোষ্ঠীৰ প্ৰকৃতিৰ পূজ্য ধৰ্মীয় দেৱতা মাৰং বুৰুকক লৈ বাক্সাৰ মেৰী হাছদা নামৰ যুৱতী গৰাকীয়ে ইউ টিউব চেনেলত এটা ভিডিঅ’ গীত আপলোড কৰিছিল ৷ ইয়াৰ পিছতে দেশজুৰি সৃষ্টি হৈছে বিতৰ্কৰ ৷

baksa argument song
বিতৰ্কিত আদিবাসী ধৰ্মীয় গীতক লৈ ক্ষমা খুজিলে শিল্পীদ্বয়ে
author img

By

Published : Apr 10, 2021, 8:58 AM IST

বাক্সা,10 এপ্ৰিল: এটা গীতৰ ভিডিঅ’ আৰু তাৰ পিছতে বিতৰ্ক । অসমৰ লগতে উৰিষ্যা, ঝাৰখণ্ড, পশ্চিমবংগ সহ কেইবাখনো ৰাজ্যৰ ঠায়ে ঠায়ে গোচৰ ৰুজু গীতটিৰ সৈতে জড়িত শিল্পীৰ ওপৰত । আদিবাসী সমাজৰ ৰোষত ইউটুবাৰ মেৰী হাছদা । আৰু তাৰ পিছতে ভুল স্বীকাৰ গীতটোৰ সৈতে জড়িত একাংশ শিল্পীৰ ।

ঘটনাৰ বিৱৰণী অনুসৰি, ২ এপ্ৰিলত তামুলপুৰৰ পৰা মুক্তি লাভ কৰা আদিবাসী গীতটোৱে অসমৰ লগতে ভিন্ন ৰাজ্যত বিতৰ্কৰ সূত্ৰপাত ঘটাইছে । গীতটোত তেওঁলোকৰ ভগৱানক অপমান কৰা বুলি অভিযোগ তুলি এজাহাৰ দাখিল কৰিছে বিভিন্ন লোক তথা দল-সংগঠনে । জুৱাকিম টুডুয়ে লিখি উলিওৱা গীতটিত কণ্ঠদান কৰিছিল মেৰী হাছদাই । কিন্ত গীতটোৰ দ্বাৰাই ভগৱানক অপমান কৰাৰ উদ্দেশ্য নাছিল বুলি জানিবলৈ দিছে গীতটিৰ সৈতে জড়িত শিল্পীসকলে ।

আদিবাসী সমাজৰ ৰোষত ইউ টিউবাৰ মেৰী হাছদা

শব্দৰ ভুলৰ বাবেই অন্য মোৰ লৈছিল গীতটিয়ে । কোনো লোকক আঘাত দিয়াৰো কোনো উদ্দেশ্য নাই বুলি মত পোষণ কৰিছে শিল্পীসকলে । ইতিমধ্যে সকলো দিশৰ পৰা গীতটো আঁতৰাই লৈ পুনৰ সংশোধন কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে জুৱাকিম টুডু আৰু মেৰী হাছদাই । এনে অবাঞ্চিত ভুলৰ বাবে অসমৰ লগতে অন্য ৰাজ্যৰ বাসিন্দা, আদিবাসী সমাজ তথা বিভিন্ন দল-সংগঠনৰ ওচৰত ক্ষমা বিচাৰিছে গীতটিৰ সৈতে জড়িত বিষয়-ববীয়াই । পৰৱৰ্তী সময়ত এনে ভুল নহ’ব বুলিও সদৰী কৰে শিল্পীদ্বয়ে ।

লগতে পঢ়ক: এগ্জিট প'ল প্ৰকাশ-প্ৰচাৰত নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.