ETV Bharat / state

বাক্সাত জ্বলিল মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিমূৰ্তি

শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিমূৰ্তি দাহ কৰি শনিবাৰে বাক্সা জিলাৰ মেনকা বাগান শাখাৰ সহযোগত প্ৰতিবাদ সাব্যস্ত আটছাৰ ৷ চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ঘোষিত জলপানি মোকলাই দিয়াৰ লগতে বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

author img

By

Published : Jul 25, 2020, 2:06 PM IST

Baksa AATSA protest
বাক্সাত চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

বাক্সা, 25 জুলাই : বাক্সা জিলাত শনিবাৰে আটছাই বিভিন্ন দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ঘোষিত জলপানি মুকলি কৰি দিয়া, চাহ জনগোষ্ঠীৰ নামত অইন জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীক জলপানি দিয়া বন্ধ কৰা, চাহ জনগোষ্ঠীৰ উন্নয়নৰ নামত দূৰ্নীতি বন্ধ কৰা, চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰাপ্য সুবিধাৰ লগতে কেইবাটাও দাবীৰে সংগঠনটোৱে তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ মেনকা বাগান শাখাৰ সহযোগত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদী আটছাৰ সদস্যসকলে আটছা জিন্দাবাদ, শ্ৰম মন্ত্ৰী সঞ্জয় কিষান মূৰ্দাবাদ, চাহ জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ জলপানি অতিশীঘ্ৰেই মোকলাই দিয়ক, চাহ জনগোষ্ঠীৰ নামত অন্য জনগোষ্ঠীক জলপানি দিয়া বন্ধ কৰক, অসম চৰকাৰ হায় হায় আদি শ্ল’গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷

এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে আটছাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য জিচাই বাগ, বাক্সা জিলা আটছাৰ সভাপতি ধনো মহালি, মেনকা বাগান শাখাৰ সভাপতি গ্লেডচন নাগ, সম্ৰাদক সঞ্জয় কুমাৰ সহ প্ৰায় 50 গৰাকী সদস্য ৷

লগতে পঢ়ক : জনীয়া সমষ্টিৰ শতাধিক গাঁও এতিয়াও জলমগ্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.