ETV Bharat / state

পানীৰ বাবে হাহাকাৰ বাক্সাৰ খেতিয়কৰ - baksa

বাৰিষা অহাৰ লগে লগে ওলাই আহিল উত্তৰকুছিৰ খেতিয়কসকল । চৰকাৰৰ জলসিঞ্চনৰ সুবিধাৰ পৰা বঞ্চিত হৈ গাঁথিৰ ধন ভাঙি পাগলাদিয়াত বান্ধ নিৰ্মাণ খেতিয়কসকলৰ । ইফালে কুম্ভকৰ্ণ নিদ্ৰাত বিয়াগোম জলসিঞ্চন বিভাগ ৷

etv bharat
author img

By

Published : May 18, 2019, 11:33 PM IST

বাক্সা, ১৮ মে': জলসিঞ্চনৰ সুবিধাৰ পৰা বঞ্চিত উত্তৰকুছি অঞ্চল । বাক্সাৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত অঞ্চলটোৰ খেতিয়কসকলে বছৰ বছৰ ধৰি জলসিঞ্চন বিভাগৰ সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে । চৰকাৰৰ জলসিঞ্চন আঁচনিৰ মুখ নেদেখা খেতিয়কসকলে বাৰিষাৰ সময়ত নিজেই ওলাই আহে পাগলাদিয়া নদীত বান্ধ দিবলৈ । অঞ্চলটোৰ মাজেৰেই বৈ যোৱা পাগলাদিয়া নদীত বান্ধ দি কোনোমতে খেতিৰ বাবে যোগাৰ কৰে প্ৰয়োজনীয় পানীখিনিৰ ।

পানীৰ বাবে হাহাকাৰ বাক্সাৰ খেতিয়কৰ

নিজৰ গাঁথিৰ ধন ভাঙি অঞ্চলটোৰ সোঁতৰখন চুবুৰীৰ প্ৰায় সহস্ৰাধিক কৃষকে পালপাতি প্ৰতিবছৰে নদীখনৰ বুকুত কৃত্ৰিমভাৱে বান্ধ নিৰ্মাণ কৰি খেতিপথাৰলৈ পানী বোৱাই নিবলৈ চেষ্টা কৰে । সীমান্তৰ এই কৃষকসকলে এনেদৰেই অতি কষ্টেৰে কোনোমতে কৰি আহিছে কৃষিকৰ্ম ৷ ৰাজ্যত বিয়াগোম জলসিঞ্চন বিভাগ এটা থকাৰ পিচতো বাক্সাৰ এইসকল কৃষকে নিজৰ পেটৰ ভাতমুঠিৰ বাবে এনেদৰে চলাই আহিবলগীয়া হৈছে কঠোৰ সংগ্ৰাম ৷

Intro:বাক্সাত কৃষকৰ পানী বিচাৰি হাহাকাৰ।
গছৰ ডাল-পাত, শিলেৰে খৰশ্ৰোতা পাগলদীয়া নৈক ভেটি খেতি পথাৰত পানী বোৱাই নিয়াৰ চেষ্টা কৃষকৰ।Body:এখন নদী আৰু সহস্ৰাধিক কৃষকৰ জীৱন সংগ্ৰাম ৷ নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি সেইসকল কৃষকৰ জীৱন সংগ্ৰামৰ কাহিনী ৷ যেন ত্ৰেতাৰ যুগৰ ৰাম সেনা ৷ সীতাক উদ্ধাৰৰ বাবে সাগৰত সেতু নিৰ্মাণ ৷ ঠিক তেনেদৰে এইসকল কৃষকে প্ৰত্যেক বছৰে খৰস্ৰোতা নদীত বান্ধ দি খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰে ৷ এই দৃশ্য বাক্সা জিলাৰ ভাৰত -ভূটান সীমান্তৰ উত্তৰকুছিৰ ৷ বাৰিষা অহাৰ লগে লগে বৃহত্তৰ অঞ্চলটোৰ সহস্ৰাধিক কৃষক ওলাই আহে পাগলাদিয়া নদীত বান্ধ দিবলৈ ৷ কাৰণ নদীত বান্ধ দি খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰে অঞ্চলটোৰ ৰাইজে ৷ অঞ্চলটোৰ সোতৰখন চুবুৰীৰ প্ৰায় সহস্ৰাধিক কৃষকে পালপাতি প্ৰতিবছৰে নদীখনৰ বুকুত কৃত্ৰিমভাৱে বান্ধ নিৰ্মাণ কৰি খেতিপথাৰলৈ পানী বোৱাই নিবলৈ প্ৰচেষ্টা চলায় ৷ বৃহত্তৰ অঞ্চলটোৰ প্ৰতিটো পৰিয়ালে নিজৰ গাঠিৰ ধন খৰচ কৰি তিনি চাৰি দিনলৈ ব্যস্ত থাকে বান্ধ বন্ধা কামত ৷ গছৰ ডাল পাত, শিলেৰে সম্পূৰ্ণ প্ৰাকৃতিক পদ্ধতিৰে বান্ধ নিৰ্মাণ কৰি কৃষকে সকলে পথাৰলৈ পানী বোৱাই আনে ৷ বছৰ বছৰ ধৰি এনেদৰে চলি আছে সীমান্তৰ কৃষকৰ জীৱন সংগ্ৰাম ৷ Conclusion:ৰাজ্যত বিয়াগোম জলসিঞ্চন বিভাগ এটা থকাৰ পিচতো বাক্সাৰ এইসকল কৃষকে এনেদৰে নিজৰ পেটৰ ভাতমুঠিৰ বাবে চলাই আহিছে কঠোৰ সংগ্ৰাম ৷
বাইট— কৃষক ৷
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.