ETV Bharat / state

বাক্সাৰ বাগানপাৰাত অসম যুৱ পৰিষদ যোগদান কাৰ্যসূচী - অসম গণ পৰিষদললৈ মানুহ বহুত ভাবি চিন্তি আহে

বাক্সাত অসম যুৱ পৰিষদৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে সোমবাৰে জিলাখনৰ বাগানপাৰত অনুষ্ঠিত হয় এক যোগদান কাৰ্যসূচী ৷ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে বড়ো, শৰণীয়া, ৰাভা, মদাহী, আদিবাসী, কোঁচ, কলিতাকে ধৰি কেইবাটাও জনগোষ্ঠীৰ লোকে ৷

assam-yuva-parisad-joining-programme-at-baganpara-of-baksa
বাক্সাৰ বাগানপাৰাত অসম যুৱ পৰিষদ যোগদান কাৰ্যসূচী
author img

By

Published : Aug 23, 2021, 10:29 PM IST

বাক্সা,23 আগষ্ট: অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত সোমবাৰে বাক্সা জিলাৰ বাগানপাৰত অনুষ্ঠিত হয় এক যোগদান কাৰ্যসূচী ৷ কাৰ্যসূচীৰ লগত সংগতি ৰাখি অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি প্ৰাঞ্জল কুমাৰ শৰণীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন বিশেষ সভা ৷ সভাত উপস্থিত থাকি কেন্দ্ৰীয় সভাপতি জিতু বৰগোঁহাইয়ে অসম গণ পৰিষদ তৈলমৰ্দন কৰা দল নহয় বুলি উল্লেখ কৰি অসম গণ পৰিষদ দললৈ মানুহ বহুত ভাবি চিন্তি আহে বুলি মন্তব্য কৰে ৷

ইফালে বৰ্তমান অসম গণ পৰিষদৰ ভেটি কিয় দুৰ্বল বুলি সাংবাদিকে কৰা প্ৰশ্নোত্তৰত এসময়ত কিছু স্বাৰ্থপৰ লোকে নিজৰ স্বাৰ্থ সিদ্ধি কৰি পুনৰ স্বাৰ্থ অসুৰক্ষিত বুলি ভাবি অন্য দললৈ গমন কৰা বাবে দলটো দুৰ্বল হৈছিল বুলি মন্তব্য কৰে জিতু বৰগোহাঞিয়ে ৷ লগতে বৰ্তমান দলটো নতুন চিন্তাধাৰাৰে আগবাঢ়িছে আৰু দলীয় শক্তি মজবুত হ’বলৈ ধৰিছে; গতিকে এই শক্তি অনিৰুদ্ধ শক্তি হ’ব বুলিও মন্তব্য কৰে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে ৷

বাক্সাৰ বাগানপাৰাত অসম যুৱ পৰিষদ যোগদান কাৰ্যসূচী

আনহাতে বিটিআৰত মিত্ৰতা থকা স্বত্বেও আজি পৰ্যন্ত অগপ কৰ্মীসকল সুবিধাৰ পৰা বঞ্চিত হোৱা বিষয়টোত উদ্বেগ প্ৰকাশ কৰি পৰৱৰ্তী সময়ত দলীয় কৰ্মীসকলে সুবিধা পাব লাগিব বুলি মন্তব্য কৰে কেন্দ্ৰীয় সভাপতি জিতু বৰগোহাঞিয়ে ৷

একেদৰে অসম যুৱ পৰিষদৰ উপ সভাপতি প্ৰাঞ্জল কুমাৰ শৰণীয়াই বাক্সাত দলটোৱে এটা নতুন গতি লৈছে আৰু অতি শীঘ্ৰে দলটো শক্তিশালী হ’ব বুলি মন্তব্য কৰে ৷ লগতে ইয়াত জাত নাই, ইয়াত সম্প্ৰদায় নাই বুলি উল্লেখ কৰি আমি একেলগে আছিলো, একেলগে আছো আৰু একেলগে থাকিম বুলি মন্তব্য কৰে প্ৰাঞ্জল কুমাৰ শৰণীয়াই ৷ যাৰ বাবে এই যোগদান কাৰ্যসূচীত বড়ো, শৰণীয়া, ৰাভা, মদাহী, আদিবাসী, কোঁচ, কলিতা সকলোৱে সেইবাবেই যোগদান কৰিছে বুলি মন্তব্য কৰে প্ৰাঞ্জল কুমাৰ শৰণীয়াই ৷

যোগদানৰ পাছতে বাক্সা জিলাত দলীয় ভেটি মজবুত কৰিবলৈ এখন আহ্বায়ক সমিতিয়ো গঠন কৰা হয় ৷ এই কাৰ্যসূচীত কৃষিমন্ত্ৰীৰ OSD ঋষি শৰ্মা, পিজু ডেকা, পিংকু কলিতা, জাহিৰ আলম চৌধুৰীকে আদি কৰি কেইবাজনো যুৱ নেতা উপস্থিত থাকে ৷ যোগদান কাৰ্যসূচী সামৰি দলটোৱে শ্বহীদ দিলীপ হুজুৰীৰ পৰিয়ালবৰ্গৰ খবৰ লয় ৷

লগতে পঢ়কঃ সাংবাদিক সকলে বুজি পোৱা ইচ্যু নহয় সীমা সংঘাত : হিমন্ত বিশ্ব শৰ্মা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.