ETV Bharat / state

Rowta Police Encounter update : ডকাইত কেনাৰাম বাচিল, আৰক্ষীৰ গুলীত প্ৰাণ গ’ল ডিম্বেশ্বৰ মুছাহাৰী - এনকাউন্টাৰৰ ঘটনা

প্ৰকৃততে শুকুৰবাৰে ৰৌতাত কি হৈছিল ? কিয়নো ওদালগুৰিৰ ৰৌতাত কেনাৰামৰ নহয়, আৰক্ষীৰ এনকাউন্টাৰত নিহত হৈছিল ডিম্বেশ্বৰ মুছাহাৰীহে (Assam police accidentally killed innocent people in Udalguri) ৷ শনিবাৰে পোহৰলৈ আহিছে এই তথ্য (Rowta Encounter update)৷

Rowta Encounter update
আৰক্ষীৰ এনকাউন্টাৰত নিহত নিৰীহ লোক
author img

By

Published : Feb 25, 2023, 7:36 PM IST

Updated : Feb 25, 2023, 9:08 PM IST

কেনাৰাম নহয়, আৰক্ষীৰ এনকাউন্টাৰত নিহত ডিম্বেশ্বৰ মুছাহাৰীহে

বাক্সা, ২৫ ফেব্ৰুৱাৰী : ওদালগুৰি জিলাৰ ৰৌতাত আৰক্ষী আৰু ডকাইতৰ মাজত সংঘটিত হোৱা ঘটনাৰ নতুন মোৰ (Rowta Police Encounter update) । শুকুৰবাৰে ৰৌতাত সংঘটিত হৈছিল এক এনকাউন্টাৰৰ ঘটনা । এই ঘটনাত কেনাৰাম বড়ো নামৰ এটা ডকাইত নিহত হোৱা বুলি জানিব পৰা গৈছিল (Assam Police mistakenly killed innocent man) । কিন্তু শেহতীয়াকৈ এই ঘটনাই এতিয়া সম্পূর্ণভাৱে নতুন মূৰ লোৱা বুলি জানিব পৰা গৈছে ।

বিৱৰণি অনুসৰি, দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বড়োৱে বৃহস্পতিবাৰে বাক্সা জিলাৰ শালবাৰীৰ জেংৰেংপাৰাৰ পৰা ডিম্বেশ্বৰ মুছাহাৰী নামৰ এগৰাকী লোকক লৈ গৈছিল ৰৌতালৈ । ৰৌতাত এক ডকাইতি ঘটনাৰ তদন্ত কৰিবলৈ গৈ ওদালগুৰি আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়া-গুলী হৈছিল ৷ এই গুলীচালনাত এজন লোক নিহত হোৱাৰ লগতে দুগৰাকী আৰক্ষীৰ জোৱানো গুৰুত্বৰভাৱে আহত হৈছিল ৷

তাৰ পাচতে আৰক্ষীয়ে উল্লেখ কৰিছিল যে আৰক্ষীৰ গুলীত নিহত হোৱা লোকজন ম’ষ্ট ৱাণ্টেড কেনাৰাম বড়ো ৷ এই ঘটনাৰ পাচতে আৰক্ষীয়েও পেলাইছিল স্বস্তিৰ নিশ্বাস ৷ কিন্তু শনিবাৰে পোহৰলৈ অহা এক ঘটনাই এতিয়া তোলপাৰ লগাইছে আৰক্ষীৰ ভিতৰ চ’ৰাত ৷

কিয়নো ৰৌতাত আৰক্ষীৰ গুলীত কেনাৰামৰ বিপৰীতে জেংৰেংপাৰাৰ ডিম্বেশ্বৰ মুছাহাৰীৰহে মৃত্যু হৈছিল (Mistakenly killed innocent man in encounter)। শনিবাৰে ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালে সমগ্ৰ ঘটনাটো জনাৰ পিচত ডিম্বেশ্বৰৰ পৰিয়ালত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নী মঞ্জু মুছাহাৰীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, বৃহস্পতিবাৰে ডিম্বেশ্বৰৰ ঘৰলৈ আহিছিল কেনাৰাম বড়ো ৷

তাৰ পাচতে ঘৰৰ মানুহৰ পৰা নিলগত বহি ডিম্বেশ্বৰ আৰু কেনাৰামে কথা পাতিছিল ৷ অৱশ্যে তেওঁলোকে কি কথা পাতিছিল সেই কথা পৰিয়ালৰ লোকে নাজানে বুলি উল্লেখ কৰে মঞ্জু মুছাহাৰীয়ে ৷ আনকি কেনাৰামে ডিম্বেশ্বৰক ৰৌতালৈ লৈ যায় বুলি উল্লেখ কৰে মঞ্জু মুছাহাৰীয়ে ৷

ইফালে ওদালগুৰি আৰক্ষীয়েও নিহত ডিম্বেশ্বৰ মুছাহাৰীৰ মৃতদেহ কেনাৰাম বুলি কেনাৰামৰ পৰিয়ালৰ লোকক গতাই দিয়ে ৷ আনকি নিহত ডিম্বেশ্বৰ মুছাহাৰীৰ মৃতদেহ কেনাৰামৰ পৰিয়ালৰ লোকে মাটিত পুঁতি থৈছে বুলি উল্লেখ কৰে মঞ্জু মুছাহাৰীয়ে ৷

এতিয়া প্ৰশ্ন হয়, কিয় ডিম্বেশ্বৰ মুছাহাৰীৰ মৃতদেহ কেনাৰামৰ পৰিয়ালৰ লোকে মাটিত পুঁতি থয় ? আৰক্ষীৰ এনকাউন্টাৰত ডিম্বেশ্বৰ মুছাহাৰীৰ মৃত্যু হ’ল, কিন্তু কেনাৰাম ক’ত গ’ল ? এই ঘটনাত ৰহস্যৰ গোন্ধ পাইছে ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নী মঞ্জু মুছাহাৰীয়ে ৷ কেনাৰামৰ পৰিয়ালৰ সৈতে মিলি আছে নেকি ওদালগুৰি আৰক্ষীও, এই লৈ প্ৰশ্ন উত্থাপন কৰিছে মঞ্জু মুছাহাৰীয়ে ৷

ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নীয়ে গোৱৰ্দ্ধনা আৰক্ষীক সকলো কথা বৰ্ণনা কৰাৰ লগতে ইয়াৰ উচিত তদন্ত কৰিবলৈ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক : Encounter at Rowta: ৰৌতাৰ দৈফাঙত আৰক্ষীৰ এনকাউন্টাৰত নিহত দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বড়ো

Last Updated : Feb 25, 2023, 9:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.