ETV Bharat / state

বাক্সাৰ বৰমাত বি পি এফৰ স্বচ্ছতা কাৰ্যসূচী - মুছলপুৰ

বাক্সাত মুছলপুৰ ব্লক বি পি এফৰ কেইবাটাও প্ৰাথমিক সমিতিৰ উদ্যোগত স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ। এই কাৰ্যসূচীত বি পি এফৰ শতাধিক নেতা-কৰ্মীৰ অংশগ্ৰহণ।

বাক্সাৰ বৰমাত বি পি এফৰ স্বচ্ছতা কাৰ্যসূচী

author img

By

Published : Oct 31, 2020, 4:49 PM IST

বৰমা, ৩১ অক্টোবৰ: বৰমা চহৰক এখন নিকা চহৰ হিচাপে গঢ় দিয়াৰ প্ৰয়াস বি পি এফৰ। বাক্সা জিলা বি পি এফৰ অন্তর্ভুক্ত মুছলপুৰ ব্লক বিপিএফৰ কেইবাটাও প্ৰাথমিক বি পি এফ সমিতিৰ স্বচ্ছতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। হাতে হাতে ঝাৰু লৈ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে দলটোৰ শতাধিক কৰ্মকৰ্তাই।

চাফাই অভিযান মুকলি কৰে বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই ৷ এই স্বচ্ছতা কাৰ্যসূচীক এক প্ৰতিকী অৰ্থত লৈ সমাজৰ বাহ্যিক ৰূপটোক স্বচ্ছ কৰাৰ লগতে মানুহৰ মনবোৰো স্বচ্ছ কৰি সমাজৰ পৰা কু-প্ৰভাৱ আঁতৰাই পেলাব লাগে বুলি মন্তব্য কৰে দলটোৰ সাধাৰণ সম্পাদক প্ৰবীন বড়োৱে৷

লগতে বি পি এফৰ ১৭ বছৰীয়া শাসন কালত বিটিচিৰ যথেষ্ট উন্নয়ন হৈছে বুলিও মতপোষণ কৰে । বি পি এফে নিৰ্মাণ কৰা পকী পথৰ ওপৰত ইউ পি পি এল দলে পদযাত্ৰা কৰি পৰিৱৰ্তন লাগে বুলি চিঞৰি থকা কাৰ্যক হাস্যকৰ আখ্যা দিয়ে সাধাৰণ সম্পাদকগৰাকীয়ে।

লগতে পঢ়ক:BSF ৰ উদ্যোগত বৰঝাৰৰত ৰাষ্ট্ৰীয় একতাৰ বাবে সংগীত সন্ধিয়াৰ আয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.