বাক্সা, ১২ নৱেম্বৰ: প্ৰায় ৫ ঘণ্টাত ৫৬ কিলোমিটাৰ দৌৰি দক্ষতা প্ৰদৰ্শন কৰিলে বাক্সাৰ গোৰেশ্বৰৰ আকাশ নাৰ্জাৰীয়ে। পেচাত মিষ্ট্ৰী আকাশ গোৰেশ্বৰৰ বালাহাতী কদমগুৰী গাঁৱৰ বাসিন্দা। বৃহস্পতিবাৰে পুৱা ৬.২০বজাত গুৱাহাটীৰ শৰাইঘাট দলঙৰ পৰা যাত্ৰা আৰম্ভ কৰে আকাশে। প্ৰায় ৫ ঘণ্টা একেৰাহে দৌৰি নাওকাটাত উপস্থিত হয়। লকডাউনৰ সময়ছোৱাত মাত্ৰ ৭ দিন দৌৰৰ অনুশীলন কৰিছিল যুৱকজনে। তথাপি গভীৰ আত্মবিশ্বাসেৰে আকাশে দৌৰবিদ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ প্ৰয়াস কৰিছে।
ইতিমধ্যে বিভিন্ন ঠাইত দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতাও অৰ্জন কৰিছে। এই ক্ষেত্ৰত যুৱকজনক স্থানীয় দল সংগঠনৰ লগতে বন্ধুসকলেও সহায় আগবঢ়াইছে বুলি প্ৰকাশ কৰিছে আকাশ নাৰ্জাৰীয়ে। ভোগেশ্বৰ বৰুৱা, হিমা দাসৰ দৰে এথলীটে অসমক ৰাষ্ট্ৰীয়, আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰৱান্বিত কৰাৰ আদৰ্শ অনুকৰণ কৰিছে অসমৰ নতুন দৌৰবিদসকলে। আকাশ নাৰ্জাৰীয়েও ভৱিষ্যতে দুভৰিৰ যাদুৰে চমক সৃষ্টি কৰিবলৈ অনুশীলন অব্যাহত ৰাখিছে।
লগতে পঢ়ক:কৰিমগঞ্জত উদ্ধাৰ বাৰ্মিজ চিগাৰেট