বাক্সা, ২০ নৱেম্বৰ: আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলি থকাৰ সময়তে হঠাৎ খহনীয়া বিপিএফ দলত। বাক্সাৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিত দলৰ নেতা কৰ্মীৰ মাজতে প্ৰভেদৰ সৃষ্টি হৈছে । দলটোৰ দুই শতাধিক নেতা-কৰ্মীয়ে শেহতীয়াকৈ বিপিএফ দল ত্যাগ কৰি যোগদান কৰিছে বিজেপিত । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত গোৰশ্বৰ ব্লক বিপিএফৰ সাধাৰণ সম্পাদক তথা তামুলপুৰ জিলা বিপিএফৰ অন্যতম সম্পাদক মণ্টুৰাম ডেকাসহ কেইবাজনো বিপিএফ কৰ্মীয়ে যোগদান কৰে । প্ৰাক্তন বিধায়ক মহেশ্বৰ বসুমতাৰীয়ে দলৰ হৈ কাম কৰাৰ নামত স্বৈৰাচাৰী নীতি অৱলম্বন কৰাৰ বাবেই বিপিএফৰ নেত-কৰ্মীসকলে বিজেপিত যোগদান কৰিলে বুলি মন্তব্য কৰে মণ্টুৰাম ডেকাই ।
লগতে ডেকাক লৈ মহেশ্বৰ বসুমতাৰীয়ে দল বাগৰা নেতা বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰে । গোৰেশ্বৰস্থিত নিজ বাসগৃহত এক সংবাদমেল সম্বোধন কৰি মণ্টুৰাম ডেকাই কয় যে, 'মোৰ বিৰুদ্ধে বিপিএফ নেতা মহেশ্বৰ বসুমতাৰীয়ে অপপ্ৰচাৰ চলাইছে৷ মই বহিষ্কৃত নেতা নহয় আৰু মই দল বাগৰা নহয় ৷ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীহে এজন দল বাগৰা নেতা ৷ নিৰ্বাচনৰ সময়ত ৰাইজক আভুৱা ভৰাত অভ্যস্ত ৷ তেওঁৰ বৈষম্যমূলক, স্বৈৰাচাৰী নীতিৰ বাবেই আমি দলৰ পৰা ওলাই আহিছো ৷' লগতে মণ্টুৰাম ডেকাই অভিযোগ কটাক্ষ কৰি কয় যে, নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে মহেশ্বৰ বসুমতাৰীয়ে বিপিএফ দল ত্যাগ কৰি নিৰ্বাচনত জয় হৈ আকৌ বিপিএফ দলত যোগদান কৰা নেতা ৷
শিক্ষিত নিবনুৱা যুৱক যুৱতীক ২-৩ লাখ টকাৰ বিনিময়ত চাকৰি দি লুণ্ঠনৰাজ চলোৱা মহেশ্বৰ বসুমতাৰীয়ে সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগো উত্থাপন কৰে৷ আগন্তুক নিৰ্বাচনত গোৰেশ্বৰ পৰিষদীয় সমষ্টিত বিজেপিৰ জয় নিশ্চিত বুলিও মন্তব্য কৰে ন-বিজেপি নেতা মণ্টুৰাম ডেকাই ।
লগতে পঢ়ক:খানাপাৰাত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ