ETV Bharat / state

শিল্পী পেঞ্চন : বঞ্চিত গণশিল্পী নবীন বড়ো !

author img

By

Published : May 10, 2020, 10:41 AM IST

নব্বৈ দশকত অসমীয়া আৰু বড়ো দুয়োটা ভাষাতে স্বৰচিত গীতৰ প্ৰায় ১৫ খন অডিঅ' শ্ৰাব্য কেছেট ৰাইজক উপহাৰ দিয়া শিল্পীগৰাকীয়ে আজিও মঞ্চত গীত পৰিৱেশন কৰিবলৈ আগ্ৰহ কৰে যদিও ক্লান্ত হৈ পৰিছে শিল্পীগৰাকীৰ শৰীৰ ...

Arist Nabin Bodo from Baksa
শিল্পী পেন্সনৰ পৰা বঞ্চিত গণশিল্পী নবীন বড়ো

বাক্সা, 10 মে : নব্বৈ দশকত শদিয়াৰ পৰা ধুবুৰীৰ বিভিন্ন মঞ্চত এখন মেণ্ডলিনেৰে সুৰৰ খলকনি তোলা গণশিল্পী নবীন বড়োৰ খবৰ ল'বলৈ আহৰি নাই সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৷ শাৰীৰিক অসুস্থতাৰ ফলত বিগত 7 বছৰে মঞ্চখনৰ পৰা আঁতৰি আছে বাক্সা জিলাৰ মুছলপুৰৰ গাৰামদেউ গাঁৱৰ বাসিন্দা নবীন বড়ো ৷ ফলস্বৰূপে ক্ৰমাৎ পাহৰণিৰ গৰ্ভত এসময়ৰ প্ৰসিদ্ধ গণশিল্পীগৰাকী ৷

কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰত সংগীত শিল্পী হিচাপে কাম কৰা নবীন বড়োক সহায় কৰিবলৈ আগুৱাই অহা নাই কোনো দল সংগঠনো ৷ উল্লেখ্য যে, নব্বৈ দশকত অসমীয়া আৰু বড়ো দুয়োটা ভাষাতে স্বৰচিত গীতৰ প্ৰায় ১৫ টা অডিঅ' শ্ৰব্য কেছেট ৰাইজক উপহাৰ দিছিল শিল্পীগৰাকীয়ে ৷ কিন্তু চৰকাৰৰ শিল্পী পেঞ্চনৰ পৰাও বঞ্চিত শিল্পীগৰাকী ৷ তৎসত্বেও চৰকাৰক লৈ কোনো অভিযোগ নাই তেওঁৰ ৷ পত্নী আৰু একমাত্ৰ কন্য়াৰ সৈতে কোনোমতে দিন অতিবাহিত কৰিছে শিল্পী নবীন বড়োৱে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.