ETV Bharat / state

মুখত যি আহে তাকেই বকিছে হিমন্তই : অঞ্জলী দৈমাৰী

author img

By

Published : Nov 28, 2020, 2:29 PM IST

বিটিচি নিৰ্বাচনৰ প্ৰাক ক্ষণত ২৬ নং দৰঙাজুলি সমষ্টিত দলীয় প্ৰাৰ্থী বিজিৎ গৌৰা নাৰ্জাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অঞ্জলী দৈমাৰীৰ । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিঞৰ-বাখৰ কৰি মুখত যি আহে তাকেই কৈছে বুলি মন্তব্য নেত্ৰীগৰাকীৰ ।

anjali daimari took part in election campaigning at baksa

বাক্সা, 28 নৱেম্বৰ : ‘‘সমাজত কেৱল অস্ত্ৰেৰে অশান্তি নাহে; তুচ্ছ তাচ্ছিল্য, অপমান আদিয়েও অশান্তিৰ সৃষ্টি কৰে । এনে অশান্তি আমি নিবিচাৰো’’ । এই মন্তব্য বি পি এফৰ কেন্দ্ৰীয় সম্পাদিকা, অঞ্জলী দৈমাৰীৰ । শনিবাৰে ২৬ নং দৰঙাজুলি সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী বিজিৎ গৌৰা নাৰ্জাৰীৰ এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে নেত্ৰীগৰাকীয়ে । বিজেপি দলক কটাক্ষ কৰি কয় তেওঁ কয় যে, ২০১৬ চনত পৰিৱৰ্তন আনিম বুলি নাচি-বাগি বিজেপি দল নিৰ্বাচনত জিকিল । বিগত চাৰি বছৰত ৮০ হাজৰ লোকক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে চৰকাৰে । এক শতাংশ নিৱনুৱাক নিযুক্তি দিবলৈ সক্ষম নহ’ল বিজেপি নেতৃত্বধিন চৰকাৰ খনে । বিজেপি চৰকাৰে উন্নয়নৰ ট্ৰেইন ১৮০ কিলোমিটাৰ বেগত দৌৰি থকা বুলি তাচ্চিল্য কৰাৰ অধিকাৰ নাই বুলিও মন্তব্য কৰে দৈমাৰীয়ে ।

ভাষণ প্ৰসংগত অঞ্জলী দৈমাৰীয়ে পুনৰ কয় যে, কংগ্ৰেছ চৰকাৰত থাকোতে হিমন্ত বিশ্ব শৰ্মাই বিপিএফ দলক আনিলে, কংগ্ৰেছত মুখ্যমন্ত্ৰী হ’ব নোৱাৰি বিজেপিলৈ আহিল বুলিও মন্তব্য কৰে । বিপিএফ দলক ঘৃণা, অপমান, ষড়যন্ত্ৰৰ বলি সজোৱা হিমন্তই বিটিচি চৰকাৰ গঠন হ’লে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ’ব বুলি কোৱা কথা অৰ্থহীন, বিটিচিৰ নাগৰিক কি দ্বিতীয় শ্ৰেণীৰ নাগৰিক নেকি বুলি প্ৰশ্ন তোলে দৈমাৰীয়ে ৷ লগতে কয় যে, চিঞৰ-বাখৰ কৰি মুখত যি অহে তাকেই কৈছে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

anjali daimari took part in election campaigning at baksa
মুখত যি আহে তাকেই বকিছে হিমন্তই : অঞ্জলী দৈমাৰী

দৈমাৰীয়ে আৰু কয় যে, নাঙল মানৱ সভ্যতাৰ প্ৰথম প্ৰতীক । এই নাঙলেৰে শস্য উৎপাদন কৰি মানুহে জীৱন ধাৰণ কৰি আছে বুলি মন্তব্য কৰে । ইউপ পিএল আৰু বিজেপিয়ে যিকোনো প্ৰকাৰে বিটিচিৰ শাসন অধিকাৰ কৰিব খুজিছে আৰু ইয়াক যিকোনো মূল্যৰ বিনিময়ত ৰুধিব লাগিব । তাৰ বাবে সকলো জাতি জনগোষ্ঠী, ধৰ্মালম্বী লোকসকলক একত্ৰিত কৰি আগুৱাই যাবলৈ আহ্বান জনায় । এই নিৰ্বাচনী সভাত ২৬ নং দৰঙাজুলি সমষ্টিত দলীয় প্ৰাৰ্থী বিজিৎ গৌৰা নাৰ্জাৰী, তামুলপুৰ জিলা বি পি এফৰ সম্পাদক উপেন বসুমতাৰী, বি পি এফ মহিলা কোষৰ চন্দ্ৰকলা ব্ৰহ্ম, গোলাপী মজুমদাৰকে আদি কৰি বিপিএফৰ নেতা-কৰ্মীসকল উপস্থিত থাকে ।

লগতে পঢ়ক : য়েছে দৰজে ঠংচিলৈ 2020 বৰ্ষৰ চ্যুকাফা বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.