বৰমা,3 অক্টোবৰ: বাক্সাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণ কাৰ্যত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ বিগত প্ৰায় তিনি বছৰে সম্পূৰ্ণ নহ’ল এই আঁচনিৰ তালিকাত স্থান লাভ কৰা হিতাধিকাৰীৰ ঘৰ ৷ সেয়ে দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে সুবিধাৰ পৰা বঞ্চিত হিতাধিকাৰীসকলে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বাক্সাৰ ধমধমা উন্নয়ন খণ্ডৰ অন্তৰ্গত পাখামাৰা ভিচিডিচিত সংঘটিত হৈছে এই ঘটনা ৷ বিটিআৰৰ অন্তৰ্গত দিহিৰা পৰিষদীয় সমষ্টিৰ পাখামাৰা ভিচিডিচিৰ অধ্যক্ষ যামিনী পাটগিৰিৰ দেৱৰ পংকজ পাটগিৰিয়ে ৰজনী ৰামচিয়াৰী নামৰ এগৰাকী ব্যক্তিৰ নামত এটা ভুৱা একাউণ্ট খুলি ভুৱা স্বাক্ষৰেৰে আত্মসাৎ কৰে যোজনাৰ ধন ৷
ধনখিনি আত্মসাতৰ পিছত পংকজে হিতাধিকাৰীগৰাকীৰ গৃহটোৰ ভেটি অতি নিম্ন মানৰ সামগ্ৰীৰে নিৰ্মাণ কৰি দিয়াৰ পিছত এতিয়া খহিবলৈ ধৰিছে দেৱালসমূহ ৷ আজি পৰ্যন্ত ঘৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নোহোৱাত দৰিদ্ৰ পৰিয়ালটোৱে বাস কৰিবলৈ বাধ্য হৈছে জুপুৰীসদৃশ আন এটা ঘৰত ৷
আনহাতে, বিষয়টোত বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকৰাত অসম্পূৰ্ণ হৈ ৰয় বাসগৃহটোৰ নিৰ্মাণকাৰ্য ৷ সম্প্ৰতি বিটিআৰৰ প্ৰশাসকৰ দায়িত্বত ন্যস্ত থকা ৰাজ্যপালে বিষয় সন্দৰ্ভত সংঘটিত দুৰ্নীতিৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি উচিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছে যদিও এয়া কিমান দূৰ ফলৱৰ্তী হয় সেয়া সময়ত লক্ষণীয় হ’ব ৷