বাক্সা, ১০ আগষ্ট: মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন ক্ষেত্ৰত মাচুল বৃদ্ধিৰ বিৰুদ্ধে আৰম্ভ হোৱা আন্দোলনৰ এমাহ উকলিল ৷ এইক্ষেত্ৰত বিটিআৰ কিম্বা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এতিয়াও গ্ৰহণ কৰা নাই কোনো ফলপ্ৰসূ পদক্ষেপ ৷ যাৰবাবে বুধবাৰে পুনৰ সমূহীয়া মুণ্ডন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিলে আন্দোলনকাৰীসকলে (Protest at Manas National Park) ৷
যোৱা ৫ জুলাই তাৰিখে মানাহৰ পৰ্যটনক্ষেত্ৰত বিভিন্ন মাচুল অধিক হাৰত বৃদ্ধি কৰাৰ বাবে জাননী প্ৰেৰণ কৰিছিল বিটিচি চৰকাৰে (Fee hike in the Manas National Park) ৷ ইয়াৰ পাছৰে পৰা মানাহৰ পৰ্যটনক্ষেত্ৰত বছৰ বছৰ ধৰি জড়িত লোকসকলৰ লগতে বহুকেইটা সংগঠনৰ উমৈহতীয়া মঞ্চ "গ্ৰেটাৰ মানাহ কনজাৰ্ভেশ্যন এণ্ড টুৰিজ্যিম ডেভেলপমেন্ট ছ’চাইটিয়ে ৯ জুলাইৰ পৰাই অব্যাহত ৰাখিছে আন্দোলন ৷
তেওঁলোকৰ দাবী, মানাহৰ বৰ্ধিত মাচুল শীঘ্ৰে প্ৰত্যাহাৰ কৰক, দাঁতিকাষৰীয়া কোনো মানুহৰ লগত সম্পৰ্ক নাৰাখি একনায়কত্ববাদ চলোৱা মানাহৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰক শীঘ্ৰে বদলি কৰক আদি ৷ এই সন্দৰ্ভত বিটিআৰ চৰকাৰৰ উপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছিল বিভিন্ন দাবী সম্বলিত স্মাৰকপত্ৰ ৷
ইয়াৰ মাজতে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে মানাহত আন্দোলনকাৰী সংগঠনটোৰ সৈতে এক আলোচনাতো মিলিত হৈছিল আৰু মাচুল বৃদ্ধিৰ বিষয়টো পুনৰ জাননী নিদিয়া পৰ্যন্ত আগৰ দৰেই থাকিব বুলিও কৈছিল ৷ কিন্তু এইপৰ্যন্ত এই সন্দৰ্ভত কোনো লিখিত প্ৰতিশ্ৰুতি দিয়া হোৱা নাই ৷ ইফালে ২৮ জুলাইত সংগঠনটোৰ নেতৃবৃন্দই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো গুৱাহাটীত সাক্ষাৎ কৰি বিষয়টো উত্থাপন কৰাত তেখেতে শীঘ্ৰে ইয়াৰ সমাধান হ'ব বুলি আশ্বাস দিছিল ৷
তদুপৰি ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰক মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে বদলিৰ নিৰ্দেশ দিয়াৰ বাতৰিও প্ৰকাশ পাইছিল ৷ কিন্তু কিহৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কাৰ্যকৰী নহ’ল তাক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে সংগঠনটোৰ নেতৃত্বই ৷ সেয়েহে সংগঠনটোৰ দাবীসমূহ শীঘ্ৰে পূৰণৰ দাবীত বুধবাৰে মানাহ ৰাষ্ট্ৰীয উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰৱেশদ্বাৰত সংগঠনটোৰ নেতা-সদস্যই সমূহীয়া মুণ্ডনেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
আন্দোলনকাৰসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে’ কাৰ্ড লৈ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীও ৰূপায়ন কৰে ৷ উল্লেখযোগ্য যে, তেওঁলোকৰ দাবীসমূহ মানি নোলোৱা পৰ্যন্ত মানাহত জীপ ছাফাৰি বন্ধ থাকিব বুলি পুনৰ স্পষ্ট কৰি দিয়ে সংগঠনটোৰ নেতৃবৃন্দই ৷
লগতে পঢ়ক : Dhemaji Munna Bhai MBBS: ডাঃ বিজু বৰুৱাক গ্ৰেপ্তাৰৰ দাবীত ধেমাজিত প্ৰতিবাদ