বাক্সা,21 নৱেম্বৰ : আদিবাসী চেংগেল অভিযানৰ বাক্সা জিলা সমিতিৰ উদ্যোগত আদিবাসী চানতালী জনগোষ্ঠীৰ চাৰ্ণা ধৰ্মৰ ক'ড প্ৰদান কৰাৰ দাবীত ২৬ নং দৰংগাজুলি পৰিষদীয় সমষ্টিৰ চানতালী গাঁৱে গাঁৱে জন জাগৰণ কাৰ্যসূচী ৰূপায়ন কৰে ৷ জনগোষ্ঠীটোৰ নিজা চাৰ্ণা ধৰ্ম আছে যদিও ধৰ্মীয় ক'ডৰ স্বীকৃতি লাভ নকৰাৰ ফলত বহুলোকে হিন্দু আৰু খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিবলগীয়া হৈছে ৷
উল্লেখ্য যে, বাক্সা জিলা আদিবাসী চেংগেল অভিযানৰ সভাপতি বাজুম টডুৱে সৰ্বভাৰতীয় পৰ্যায়ৰ সভাপতি চালখান মুৰ্মুৰ নেতৃত্বত আদিবাসী চেংগেল অভিযানে জনগোষ্ঠীটোৰ চাৰ্ণা ধৰ্মৰ ক'ড প্ৰদানৰ দাবীত জন জাগৰণ কাৰ্যসূচী গ্ৰহণ কৰিছে । যদিহে কেন্দ্ৰীয় চৰকাৰে জনগোষ্ঠীটোৰ ধৰ্মক ৩০ নবেম্বৰৰ ভিতৰত স্বীকৃতি প্ৰদান নকৰে তেতিয়া হ'লে ৬ ডিচেম্বৰৰ পৰা অবিৰত ভাৱে ৰে'লপথ, ৰাজপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে ৷
লগতে পঢ়ক:ৰাজ্যিক বিজেপিৰ অৰ্থনৈতিক কোষৰ বিশেষ সাংগঠনিক সভা সম্পন্ন