ETV Bharat / state

বিটিআৰ চুক্তি ৰূপায়ণকাৰী দলক নিৰ্বাচনত সহায় কৰিম: দ্বীপেন বড়ো - absu president dilip boro

বিধানসভা নিৰ্বাচনত বিটিআৰ চুক্তি ৰূপায়ণকাৰী দলকহে এবছুৱে সহায় কৰিব বুলি জানিবলৈ দিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷ বাক্সাৰ মুছলপুৰত বুধবাৰে এই মন্তব্য কৰে ৷ এবছু হিচাপে আমাৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰখা বুলিও মন্তব্য বড়োৰ ৷

the party who implemented the btr accord

author img

By

Published : Mar 10, 2021, 11:02 PM IST

বাক্সা,10 মাৰ্চ: "আগন্তুক বিধানসভা নিৰ্বাচনত বিটিআৰ চুক্তি ৰূপায়ণকাৰী দলক আমি সহায় কৰিম ৷ যি প্ৰাৰ্থীয়ে আমাৰ সমস্যা বিধানসভাত বলিষ্ঠভাবে উত্থাপন কৰিব পাৰে তেনে দল বা প্ৰাৰ্থীক আমি সহায় কৰিম ৷ অৱশ্যে, আগন্তুক বিধান সভা নিৰ্বাচনত আমি কাক সমৰ্থন কৰিম শীঘ্ৰে আমি ৰাইজক জনাম ৷" বাক্সাৰ মুছলপুৰত বুধবাৰে সাংবাদিকৰ আগত এবছুৰ সভাপতি দ্বীপেন বড়োৱে এইদৰে মন্তব্য প্ৰকাশ কৰে ৷

বুধবাৰে মুছলপুৰত এবছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত অংশ লবলৈ আহি বড়োৱে কয় যে, "আমি গুণগত শিক্ষাৰ সজাগতাৰ বাবে চাইকেল ৰেলী উলিয়াইছো ৷ সমাজত চলি থকা বাল্য বিবাহ, মদ-ভাং,জুৱা আদি বন্ধ কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈ আছো ৷"

বিটিআৰ চুক্তি ৰূপায়ণকাৰী দলক নিৰ্বাচনত সহায় কৰিম : দ্বীপেন বড়ো

বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই প্ৰমোদ বড়ো আৰু দ্বীপন বড়োৱে বড়ো জনগোষ্ঠীৰ জাতি, মাটি, ভেটি আৰু ৰাজনৈতিক অধিকাৰ নিলামত দি জাতিটোক ধ্বংসৰ গৰাহলৈ নিলে বুলি কৰা অভিযোগ সন্দৰ্ভত এবছুৰ সভাপতি গৰাকীয়ে কয়, "কোনো ব্যক্তি বা সংগঠনে মানুহ এজনক জাতিদ্ৰোহী বা দেশদ্ৰোহী বুলি ক'লেই জাতিদ্ৰোহী হৈ নাযায় ৷ আমিনো কি কৰিলো ৷ 53 বছৰত জাতিৰ স্বাৰ্থত কাম কৰা জনগোষ্ঠীটোক আগুৱাই নিয়াৰ কাৰণে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিকভাৱে সমস্যা সমাধান কৰাৰ বাবে আমি পণ কৰিছো ৷ আমি যি কাম কৰিছো বিটিআৰ চুক্তি ৰূপায়ণ কৰাৰ বাবে কৰিছো ৷ চুক্তি ৰূপায়ণৰ স্বাৰ্থত কেতিয়াবা আমি ৰাজনৈতিকভাবে কথা ক'ব লগা হ'ব পাৰে বা ৰাজনৈতিকভাবে কিবা পদক্ষেপ ল'ব লগা হব পাৰে ৷ কিন্তু আমি এবছু হিচাপে আমাৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰাখিছো ৷"

জনজাতি সুৰক্ষা মঞ্চৰ নেতাসকলক উদ্দেশ্যি বড়োৱে কয়, "তেওঁলোকৰনো কিমান জাতি প্ৰেম আছে ৷ ৰাইজেতো এবছুক জাতিদ্ৰোহী বুলি কোৱা নাই ৷ তেওঁলোকে কাৰ উচতনিত কাম কৰি আছে ৰাইজে জানে ৷ বডোফাৰ নীতি আদৰ্শক আগুৱাই লৈ যোৱাটো আমাৰ কৰ্ম ৷ জাতিৰ সেৱা কৰাটোহে আমাৰ কাম ৷" দ্বীপেন বড়ো নিজে শিক্ষক হৈ কেনেকৈ এবছুৰ সভাপতি হ'ল এই সন্দৰ্ভত জনজাতি সুৰক্ষা মঞ্চই কৰা অভিযোগ সন্দৰ্ভত সমাজ আৰু দেশ সেৱা কৰিবৰ বাবে যি কোনো পন্থাৰে কৰিব পাৰে বুলিও বড়োৱে মন্তব্য কৰে ৷

লগতে পঢ়ক: বিটিচিত আৰু বিপিএফৰ দাদাগিৰি নচলিব: প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.