ETV Bharat / state

বাক্সাত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু বাৰ্ষিকী পালন

author img

By

Published : May 1, 2022, 6:52 PM IST

বাক্সা জিলাৰ মুছলপুৰত দেওবাৰে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু দিৱস পালন কৰা হয় । মৃত্যু বাৰ্ষিকী উপলক্ষে পতাকা উত্তোলন কৰে বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীয়ে (ABSU observes death anniversary of Upendra Nath Brahma) ।

absu-observes-32th-death-anniversary-of-bodofa-upendra-nath-brahma-in-baksa
বাক্সাত বড়ো সকলৰ পিতৃ প্ৰয়াত উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু বাৰ্ষিকী পালন

বাক্সা, 1 মে’: বাক্সা জিলাৰ মুছলপুৰত দেওবাৰে বড়ো সকলৰ পিতৃ প্ৰয়াত উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু দিৱস পালন কৰা হয় । জিলাখনৰ মুছলপুৰস্থ নিখিল বড়ো ছাত্ৰ সন্থাৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত প্ৰয়াত উপেন্দ্ৰনাথ ব্ৰহ্মৰ 32 সংখ্যক মৃত্যু বাৰ্ষিকী (ABSU observes death anniversary of Upendra Nath Brahma) উপলক্ষে সন্থাৰ পতাকা উত্তোলন কৰে বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীয়ে ।

পতাকা উত্তোলন কৰি তেখেতে কয় যে, প্ৰয়াত উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো সকলৰ উন্নতিৰ বাবে যি সপোন দেখিছিল তাক বাস্তৱত ৰূপ দিবলৈ বৰ্তমানৰ নেতৃত্বই আখৰে আখৰে পালন কৰাৰ বাবে বদ্ধপৰিকৰ । বিশ্বত এটা উন্নত জাতি হিচাপে প্ৰতিষ্ঠিত কৰাৰ বাবেও সকলোৱে কাম কৰাৰ সময় আহি পৰা বুলিও ভাষণত উল্লেখ কৰে সভাপতিগৰাকীয়ে ।

পতাকা উত্তোলনৰ পিছতে প্ৰয়াত উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে এবছুৰ কেন্দ্ৰীয় উপ সভাপতি ৰৌমদৌন বসুমতাৰীয়ে । এই অনুষ্ঠানত বাক্সা জিলা এবছুৰ সম্পাদক নন্দেশ্বৰ বড়ো, প্ৰাক্তন জিলা সভাপতি বিজয় সৌমখৌৰ বসুমতাৰী, ইউপিপিএলৰ কেন্দ্ৰীয় নেতা নগেন বড়ো আদি উপস্থিত থাকে ।

ইয়াৰ পিছতে এবছুৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰী সকলে মুছলপুৰ চহৰৰ মাজেৰে প্ৰয়াত উপেন্দ্ৰনাথ ব্ৰহ্মৰ সোঁৱৰণত এটা শান্তি শোভাযাত্ৰা উলিওৱা হয় ।

লগতে পঢ়ক : President's colour award to Assam police: ধুবুৰীৰ পৰা শদিয়ালৈ অসম আৰক্ষীৰ বাইক ৰেলী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.