ETV Bharat / state

তামুলপুৰত অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদ

প্ৰতিবাদকাৰী সকলে হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ,হিমন্ত বিশ্ব শৰ্মাৰ বিটিচিত প্ৰৱেশ নচলিব, BTR চুক্তি কাৰ্যকৰী কৰা নহ’ব, বিজেপি চৰকাৰ হায় ! হায় ! আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰিতোলে ।

aboro protest at baksha
তামুলপুৰত অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদ
author img

By

Published : Sep 25, 2020, 5:42 PM IST

বাক্সা,25 ছেপ্তেম্বৰঃ তামুলপুৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ । অবড়ো সুৰক্ষা সমিতি তামুলপুৰ জিলাৰ দ্বাৰা তামুলপুৰৰ ৰাজপথত দাহ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি । আজিৰে পৰা BTR চুক্তি কাৰ্যকৰী কৰা হ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যম যোগে সদৰি কৰাৰ পিছতে জাঙুৰ খাই উঠিল অবড়ো সুৰক্ষা সমিতি ।
ইপিনে তামুলপুৰ জিলা অবড়ো সুৰক্ষা সমিতিৰ সভাপতি দুলাল পাটোৱাৰী আৰু সম্পাদক মুকুট মহন্তৰ নেতৃত্বত শুকুৰবাৰে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰিতুলে তামুলপুৰৰ ৰাজপথ। প্ৰতিবাদকাৰী সকলে হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ,হিমন্ত বিশ্ব শৰ্মাৰ বিটিচিত প্ৰৱেশ নচলিব, BTR চুক্তি কাৰ্যকৰী কৰা নহ’ব, বিজেপি চৰকাৰ হায় ! হায় ! আদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । লগতে প্ৰতিবাদকাৰী সকলে উল্লেখ কৰে যে,ক’ৰণাৰ দোহাই দি বিটিচি নিৰ্বাচন পিচুৱাৰ নামত নাটক কৰি আছে বিজেপিয়ে । BTR চুক্তি কাৰ্যকৰীকৰণে এইখন যে এখন নাটক তাক স্পষ্ট কৰি দিছে বুলিও তেওঁলোকে মত পোষণ কৰে ।

লগতে পঢ়কঃ কৃষি বিধেয়কৰ প্ৰতিলিপি দাহেৰে বিৰোধ প্ৰদৰ্শন আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.