বাক্সা,26ছেপ্টেম্বৰ: আজি গোৰেশ্বৰত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে অবড়ো সুৰক্ষা সমিতিয়ে ৷ বিটিআৰ চুক্তি কাৰ্যকৰী কৰাৰ বাবে সংগঠনটোৱে গোৰেশ্বৰ চহৰৰ মাজমজিয়াত শতাধিক কৰ্মীৰ উপস্থিতিত চুক্তিখনৰ বিৰোধিতা কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ সংগঠনটোৰ কেন্দ্ৰীয় নেতা ভাস্কৰ কলিতাই প্ৰতিবাদত অংশগ্ৰহণ কৰি কয় যে, বড়ো জনসাধাৰণৰ বাবে বড়ো সংগঠনৰ নেতা সকলৰ সৈতে একপক্ষীয় কৈ আলোচনা কৰি যি চুক্তি চৰকাৰে কৰিছে এই চুক্তিক অবড়ো জনসাধাৰণে মানি ল'ব নোৱাৰে ৷
![Abaro Suraksha Samiti protests in Goreshwar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8945773_ad.jpg)
৭০ শতাংশ অবড়ো লোকক অন্ধকাৰত ৰাখি ৩০ শতাংশ বড়ো জনসাধাৰণৰ বাবে চুক্তি কৰি চৰকাৰে অবড়ো সকলক প্ৰতাৰণা কৰিছে । এই প্ৰতৰণাৰ বাবে যদি কেতিয়াবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া হলে চৰকাৰে দায়ী হ'ব । বৰ্তমানলৈকে বড়ো জনসাধাৰণৰ বাবে তিনিখন চুক্তি কৰিছে চৰকাৰে ৷ কিন্তু এই চুক্তি সন্দৰ্ভত চৰকাৰে অবড়ো জনসাধাৰণৰ লগত কোনো আলোচনা নকৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷
অন্য এক খবৰৰ বাবে: ভূমিস্খলনত মৃত্যু দুই মহিলা ক্ৰিকেটাৰৰ , তিনি সন্ধানহীন