বৰমা, 5 অক্টোবৰ: বাক্সা জিলাৰ মুছলপুৰ আৰু শালবাৰীত অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীৰ সদস্যসকলে যৌথভাবে বাক্সা জিলাৰ মুছলপুৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গণত মুছলপুৰ জিলা সমিটিয়ে ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ৷ ইপিনে অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টিৰ শালবাৰী জিলা সমিতিয়েও শালবাৰী মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
উক্ত দুয়োটা কাৰ্য্যসূচীতে বিটিআৰ বাতিল কৰক, বিটিএডিৰ পৰা সকলো অবড়ো গাওঁসমূহ কৰ্ত্তন কৰক, বিটিএডিত অবড়ো ৰাইজৰ ভূমি আৰু ভাষাৰ অধিকাৰ সুৰক্ষিত কৰক, ১৮৮ চনৰ ভূমি আইনৰ ১০ নং দফা সংশোধন কৰি জনজাতি বেস্তনি আৰু খণ্ডত অ-জনজাতি লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰক, শীঘ্ৰেই বিটিএডিৰ নিবাৰ্চন অনুষ্ঠিত কৰক, অবড়ো ৰাইজৰ সমস্যা সমাধানৰ স্বাৰ্থত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি অবড়ো সুৰক্ষা সমিতিৰ লগত চৰকাৰে আলোচনা অনুষ্ঠিত কৰক আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।
এই কাৰ্য্যসূচীত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ তথা গণ সুৰক্ষা পাৰ্টিৰ মুৰব্বী নৱকুমাৰ শৰণীয়া, অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্রীয় কাৰ্যকৰী সভাপতি গুলজাৰ হুছেইন, আগন্তুক হ'লগীয়া বিটিচি নিৰ্বাচনৰ ২১নং শালবাৰী পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী চক্রধৰ দাস, ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা দলৰ প্ৰাৰ্থী খনিন ডেকা আদি কৰি জিলা অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টি শালবাৰী আৰু মুছলপুৰ জিলা সমিতিৰ কেইবাগৰাকীও নেতা কৰ্মী উপস্থিত থাকে।
লগতে পঢ়ক : প্ৰসংগ ডেনিয়েল হত্যাকাণ্ডঃ পূৰ্বৰ অভিযুক্ত ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া
বাক্সাত অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীৰ অৱস্থান ধৰ্মঘট
BTRৰ বিৰুদ্ধে বিটিচিত উত্তাল প্ৰতিবাদ অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীৰ।