ETV Bharat / state

দেহৰ শেষ টোপাল তেজ থকালৈ যুঁজিব অসমীয়াইঃআছু

author img

By

Published : Jan 4, 2020, 1:15 AM IST

ছাত্ৰ সন্থাৰ প্ৰতিবাদী জোঁৰ সমদলক সহাৰি জনাই স্বত্ব:ফূৰ্তভাৱে প্ৰতিবাদত অংশগ্ৰহণ কৰে যোৰহাটৰ শতাধিক নাগৰিকে।

শুকুৰবাৰে ৰাজ্য কঁপালে ছাত্ৰ সন্থাই
শুকুৰবাৰে ৰাজ্য কঁপালে ছাত্ৰ সন্থাই

নিউজ ডেস্ক, 3 জানুৱাৰী: নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ কৰি যাব সদৌ অসম ছাত্ৰ সন্থাই । শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে পুনৰ চি এ এ ৰ বিৰোধিতাৰে যোৰহাটত ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক জনতা ৷ ছাত্ৰ সন্থাৰ প্ৰতিবাদী জোঁৰ সমদলক সহাঁৰি জনাই প্ৰতিবাদত অংশগ্ৰহণ কৰে শতাধিক ৰাইজে ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীৰ সদৰতো 30টা জনগোষ্ঠীয় সংগঠনৰ সহযোগত ধুবুৰী জিলা ছাত্ৰ সন্থাই আয়োজন কৰে বিশাল প্ৰতিবাদী জোঁৰ সমদল ৷ চৰকাৰ আৰু বিজেপি বিৰোধী বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে প্ৰতিবাদী দলটোৱে উত্তাল কৰি তোলে আকাশ-বতাহ । সমান্তৰালকৈ লখিমপুৰ,ধেমাজিটো আছু আৰু দল-সংগঠনৰ সহযোগত উলিওৱা হয় জোঁৰ সমদল ৷

শুকুৰবাৰে ৰাজ্য কঁপালে ছাত্ৰ সন্থাই

আনহাতে,বৰপেটাতো আছুৰ সহযোগিতাত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ আৰু কেতবোৰ দল-সংগঠনে জোঁৰ সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ দলটোৱে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী জনায় ৷ একেদৰে তেজপুৰ,ওদালগুৰি,মৰিগাঁৱতো প্ৰতিবাদকাৰীয়ে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । একে দিনাই আইনখন বাতিলৰ দাবীত উত্তপ্ত হয় নলবাৰী আৰু বাক্সাৰ তামুলপুৰ অঞ্চল ৷

লগতে পঢ়ক: বিগত দুমাহত ভাৰতৰ পৰা 445 গৰাকী বাংলাদেশী উভতিছেঃ বিজিবি মুখ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.