বাক্সা , ১৯ জুন : "চৰকাৰে হাত খুলি শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবে ধন ব্যয় কৰিব লাগে, মঙলবাৰে বাক্সা জিলাৰ গোৰেশ্বৰস্থিত 'NRDS কলেজৰ' পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত হৈ এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টচাৰ্যৰ।
সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা গৰাকীৰ উপস্থিতত গোৰেশ্বৰত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে । উপদেষ্টা গৰাকীক গোৰেশ্বৰ ছাত্ৰ সন্থাৰ কৰ্মী আৰু 'NRDS কলেজ'ৰ ছাত্ৰ-ছাত্ৰী সকলে এক শোভাযাত্ৰা উলিয়াই গোৰেশ্বৰ চহৰৰ মাজমজিয়াৰ পৰা 'NRDS কলেজলৈ আগবঢ়াই নিয়ে । 'NRDS কলেজৰ আমন্ত্ৰণ মৰ্মে ভট্টাচাৰ্য কলেজখনত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষা গুৰু সকলক উদ্দেশ্যি দিয়া ভাষণ প্ৰসংগত কয় যে-"আমি কেতিয়াও নিজক পাহৰিব নালাগে । নিজ মাতৃ ভূমিক সম্মান কৰিব লাগে । নিজৰ প্ৰতিটো কামে মাতৃ ভূমিৰ কাম হ'ব লাগে আৰু নিজৰ সম্নান মাতৃভূমীৰ সম্মান হব লাগে । মাতৃভূমিৰ সম্মান জীয়াই ৰাখি আমি জীৱনত আগবাঢ়ি যাব লাগে"।
ইয়াৰোপৰিও তেওঁ কয় যে, চৰকাৰেও হাত খুলি শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবে ধন ব্যয় কৰিব লাগে । আৰু যি সকল ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষাৰ প্ৰতি ধাওতি নাই সেই সকলক কাৰিকৰী শিক্ষা দি স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰিব লাগে বুলিও তেঁও মন্তব্য কৰে।